Local, Vocal, Global

ৰূপৰ জোতা আকৃতিৰ এবিধ সামগ্ৰী

গোলাঘাটৰ চন্দন নগৰত ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান ।

ড্ৰাগছ ব্যৱসায়ী জনাৰ্দন বৰদলৈ বাসগৃহত তালাচী আৰক্ষীৰ ।

এই অভিযান কালত ড্ৰাগছ ব্যৱসায়ী জনাৰ্দনৰ বাসগৃহৰ পৰা লুকুৱাই থোৱা অৱস্থাত কিছু পৰিমাণে ড্ৰাগছ , চিৰিঞ্জ উদ্ধাৰ কৰাৰ লগতে ৰূপৰ জোতা আকৃতিৰ এবিধ সামগ্ৰী উদ্ধাৰ কৰে গোলাঘাট আৰক্ষীয়ে ।

উল্লেখযোগ্য যে জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত হোৱাৰ লগতে বহুদিনৰ পৰা এই ড্ৰাগছ ব্যৱসায় চলাই আহিছিল । আজি এই অভিযানত জনাৰ্দন বৰদলৈ বাসগৃহত ড্ৰাগছ উদ্ধাৰ কৰি জনাৰ্দন বৰদলৈক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে