Local, Vocal, Global

নিশা শিলচৰত উত্তেজনা ,পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠিচালনা, ৰবাৰ্ট বুলেট নিক্ষেপ

শিলচৰ শহৰেৰ মালুগ্ৰাম অঞ্চলত ৰাতিপুৱাৰ পৰা সান্ধ্য আইন জাৰি ।

যোৱা নিশা শিলচৰত উত্তেজনা| দুইটা ফৈদৰ মাজত  মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি তুমুল সংঘৰ্ষ | ভাঙি চুৰমাৰ  কেইবাটাও বাসগৃহ | পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠিচালনা, ৰবাৰ্ট বুলেট নিক্ষেপ |চহৰৰ ঘনিয়ালাত সংঘটিত হৈছে ঘটনাটো |

ঘটনাৰ সুত্ৰপাত হয় নিশা ৯বজাত| দুই ফৈদৰ মাজত তৰ্কবিতৰ্ক- মাৰপিট| আৰু তাৰ পিছত ঘটনাটো আন ৰূপ লয় | উভয় ফৈদ উলাই আহে | আৰম্ভ হয় মাৰপিট| খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী| আৰক্ষী অহাৰ লগে লগে আৰম্ভ শিলবৰ্ষণ | উভয় ফৈদৰ পৰা শিল বৰ্ষণ চলে| পৰিস্থিতি নিয়ন্ত্ৰণলৈ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰে | আনকি কেইবা ৰাউন্ড ৰবাৰ্ট বুলেট নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়| নিশা দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপ দে, আৰক্ষী অধীক্ষক ভি এল মীনা, অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাস ঘটনাস্থলীত উপস্থিত হয় । সোমবাৰৰ ৰাতিপুৱাৰ পৰা মালুগ্ৰাম এলাকাত সান্ধ্য আইন জাৰি কৰা হয়।