বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱাৰ মৃত্যু

বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱাৰ মৃত্যু ৷
নগাঁও চহৰৰ তেলীয়া পহুকটাৰ নিবাসী আছিল বিশিষ্ট সুৰকাৰগৰাকী ।
অসম চৰকাৰৰ শিল্পী বঁটা লাভ কৰিছিল বিশিষ্ট সুৰকাৰগৰাকীয়ে।
সোমবাৰে পুৱতি নিশা নিজ বাসগৃহতে মৃত্যু হয় তেওঁৰ৷
মৃত্যুৰ সময়ত বয়স আছিল ৮১ বছৰ।
যজ্ঞ বেজবৰুৱাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে শিল্পী সমাজত ৷