Local, Vocal, Global

শিলচৰৰ মালুগ্ৰামত পুৱাৰ পৰা সান্ধ্য আইন জাৰি

যোৱা নিশা শিলচৰত উত্তেজনা | দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি তুমুল সংঘৰ্ষ | পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনা, ৰাবাৰ বুলেট নিক্ষেপ |চহৰৰ ঘনিয়ালাত সংঘটিত হৈছে ঘটনাটো |ঘটনাৰ সুত্ৰপাত হয় নিশা ৯ বজাৰ পিছত | দুই ফৈদৰ মাজত তৰ্কাতৰ্কিক লৈ মাৰপিট | তাৰ পিছত ঘটনাটোৱে আন ৰূপ লয় | উভয় ফৈদ ওলাই আহে | আৰম্ভ হয় মাৰপিটৰ ঘটনা ৷ উভয় ফৈদৰ কেইবাটাও বাসভৱনত তাণ্ডৱ চলায়৷ খৱৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী | আৰক্ষী অহাৰ লগে লগে আৰম্ভ হয় শিলবৰ্ষণ | উভয় ফৈদৰ পৰা শিলাবৰ্ষণ চলে || পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে আৰক্ষীয়ে লাঠীচাৰ্জ কৰে | আনকি কেইবা ৰাউন্ড বুলেট নিক্ষেপ কৰাৰ পৰিস্থিতিৰ সৃষ্টি হয় | নিশা দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপ ডে’, আৰক্ষী অধীক্ষক ভি এল মীনা, অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাস ঘটনাস্থলীত উপস্থিত হয়। সোমবাৰৰ পুৱাৰ পৰা মালুগ্ৰাম এলাকাত সান্ধ্য আইন জাৰি কৰা হৈছে ।