Website Design: dastechnologies.in
এক অসাধাৰণ ঘটনাৰ সাক্ষী হৈ ৰ’ল চিকিমৰ সিংটম হস্পিতাল। সাধাৰণ প্ৰসৱ মাধ্য়মেৰে জন্ম দিলে ৫.২ কেজি ওজনৰ সন্তান। চিকিৎসাকৰ্মীয়ে দাবী কৰিছে যে চিকিমৰ ইতিহাসত সাধাৰণ প্ৰসৱ মাধ্য়মেৰে ৫.২ কেজি ওজনৰ সন্তান জন্ম দিয়া ঘটনা এয়াই প্ৰথম। ডাক্তৰ এম পি শৰ্মাৰ তত্বৱধানত ভুমিকা কৌইৰালা আৰু ৰূকচানা ছেট্টীৰ সহযোগত সিংটম হস্পিতালৰ লেবাৰ ৰূমত শিশুটিৰ জন্ম হয়।