Local, Vocal, Global

নুমলীগড়ত এখন আদিম মানৱৰ গাওঁ। টঙি ঘৰৰ ওপৰতে দুৰ্বিসহ জীৱন-নিৰ্বাহ শতাধিক পৰিয়ালৰ।

আধুনিকতাৰ পৰা বহু নিলগত এখন গাঁও। আজিও আদিম মানুহৰ দৰে গাঁওখনৰ শতাধিক পৰিয়ালে বাস কৰে টঙি ঘৰৰ ওপৰত। কাৰণ নিশা হলেই গাঁওখনলৈ নামি আহে হাতীৰ জাক। হাতীৰ জাকৰ উপদ্ৰৱৰ বাবে সাজিব নোৱাৰে ঘৰ। দিনটো তলত থকা টিনপাতৰ চালিতে ৰন্ধা-বঢ়াৰ কাম  সম্পূৰ্ণ কৰি নিশা হোৱাৰ লগে লগে কণ-কণ শিশুক বোকোচাত লৈ উঠে টঙি ঘৰৰ ওপৰত। এই দৃশ্য নুমলীগড়ৰ পৰা মাত্ৰ ৬ কিঃমিঃ নিলগৰ বৰমহৰি পথাৰ গাঁৱৰ। গাঁওখনৰ প্ৰত্যেকটো পৰিয়ালয়েই বাস কৰে আদিম মানৱৰ দৰ। সকলোৱেই সাজি লৈছে ওখ ওখ গছ নাইবা বাহঁ-কাঠৰ খুঁটা লগাই  একো একোটাকৈ টঙি ঘৰ। বছৰ বছৰ ধৰি এনেদৰেই জীৱন-যাপন কৰি আহিছে গাঁওবাসীয়ে। যি সময়ত মানুহে বিজ্ঞান-প্ৰযুক্তিত আগবাঢ়ি গৈ  মঙল গ্ৰহত বাস কৰাৰ কথা চিন্তা কৰিছে তাৰ বিপৰীতে নুমলীগড়ৰ এই গাঁওখনৰ লোকসকলৰ জীৱন-ধাৰণৰ মানদণ্ডই সকলোকে হতবাক কৰি তুলিছে৷ ইফালে গাঁওখনত নাই বিজুলি সংযোগ, নাই এটুপি বিশুদ্ধ খোৱা পানী, নাই অনাময় আঁচনি ৷ এতিয়াও খোৱা পানীৰ বাবে ব্যৱহাৰ কৰে পুখৰী, পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানী।