Local, Vocal, Global

খুমটাইৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপ

বহি:ৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ ঘুৰি অহা যুৱক-যুৱতীসকলক সংস্থাপনৰ ব্যৱস্থাৰ বাবে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ  ব্যতিক্ৰমী পদক্ষেপ । বিধায়কগৰাকীয়ে কৰ্মহীন হৈ পৰা যুৱক-যুৱতী সকলক দিব সংস্থাপনৰ নতুন পৰিকল্পনা। বিধায়ক মৃণাল শইকীয়াই তেওঁৰ বাসগৃহত গোলাঘাট প্ৰশাসনৰ বিষয়া , কৃষি বিষয়া , জীৱন বীমা বিভাগৰ বিষয়া লগত মিলিত হয় এক আলোচনাত । কেনেদৰে সংস্থাপন দিব সেই সম্পৰ্কে প্ৰশাসনৰ বিষয়া সকলক পথ উদ্ভাৱনৰ পৰামৰ্শ আগবঢ়াই বিধায়ক শইকীয়াই । কৃষি, মীনপালন, ব্যৱসায় আদিৰ জৰিয়তে সংস্থাপনৰ পৰামৰ্শ । অসমৰ যুৱক-যুৱতীসকল অসমতে সংস্থাপন হৈ থকাৰ আহবান বিধায়ক শইকীয়াৰ । অসমৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ আহবান জনাই এই সকল যুৱক-যুৱতীক ।