SIৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগত আটক এজনক

প্ৰসংগঃ SIৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল৷ CID-এ আৰম্ভ কৰিছে তদন্ত৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈছে CID আৰু অসম আৰক্ষী৷ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এজন যুৱকক৷ পশ্চিম কাৰ্বি আংলঙৰ মাইলুৰৰ পৰা আটক যুৱকজনক৷ আৰক্ষীয়ে আটক কৰা ধৃত যুৱকজনৰ নাম হীৰকজ্যোতি৷ ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক আটক কৰি চিআইডিক চমজাই দিছে৷
উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত হোৱা SIৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমযোগে সকলোৰে হাতে হাতে বিয়পি পৰিছিল৷ ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষীপ্ৰতাৰে তদন্ত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছিল৷ আৰু নিৰ্দেশৰ পিছতে তৎপৰ হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন৷