Local, Vocal, Global

অসমত হ’ব প্ৰৱল বৃষ্টিপাত

এজাক সপোন যেন বৰষুণ! উৎকট গৰমৰ পৰা পৰিত্ৰাণ কৰি ৰাজ্যবাসীলৈ নামি আহিছে শৰতৰ প্ৰথমজাক বৰষুণ। শৰতৰ প্ৰথমজাক বৰষুণে ৰোমাঞ্চিত কৰিছে সকলোকে।

কিন্তু এজাকে বৰষুণে নহয় অনাগত কিছুদিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হ’ব মুষলধাৰ বৰষুণ। ২৬ ছেপ্টেম্বৰলৈ প্ৰৱল বৃষ্টিপাতৰ সন্মুখীন হব উত্তৰপূৰ্বাঞ্চলবাসী। অসম, অৰুণাচল,মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামতো হ’ব প্ৰৱল বৃষ্টিপাত।

গুৱাহাটীস্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ জনালে এই কথা। উল্লেখ্য যে কিছুদিন পুৰ্বে কেন্দ্ৰীয় বতৰ কেন্দ্ৰই জনাইছিল যে আগন্তুক কিছুদিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাত হ’ব। বংগোপ উপসাগৰত হোৱা ধুমুহাৰ ফলতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভৱনা আছে।

উল্লেখ্য যে মঙলবাৰে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীকে আদি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছিল বানৰ।