Local, Vocal, Global

আশাহত হ’ল অসমবাসী…

IPL আৰম্ভৰে পৰা সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ আছিল অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শনৰ ওপৰত। ২০১৮ চনৰ ১৯ বছৰৰ অনুৰ্ধৰ বিশ্বকাপৰে পৰা ৰিয়ান পৰাগত প্ৰদৰ্শনে সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। উল্লেখ্য যে IPLৰ বিগত সংস্কৰণত ঈৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল অসম সন্তান ৰিয়ানে।
মঙলবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে IPL কেৰিয়াৰ অষ্টম খেলত অৱতীৰ্ণ হৈছিল অসম সন্তান ৰিয়ান পৰাগে। মেচখনৰ ১৬.২ অভাৰত ৭ নম্বৰ স্থানত বেটিঙৰ বাবে আহে ৰিয়ান পৰাগ। কিন্তু ৪ টা বলত এটা বাউণ্ডেৰীৰে ৬ ৰাণ সংগ্ৰহ কৰি চেম কৰণ বলত উইকেট কিপাৰ মহেন্দ্ৰ সিং ধোনীক কেচ্ছ দি আউট ৰিয়ান।