Local, Vocal, Global

প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত পুনৰ নাম সাঙোৰ বিজেপি কৰ্মীৰ

দিবনক চিনি নাপায় বিজেপিয়ে৷ বিজেপিৰ একাংশ শীর্ষ নেতৃবৃন্দৰ মতে বিজেপিৰ প্ৰাথমিক সদস্যহে দিবন ডেকা৷ কিন্তু লক্ষ্যণীয়ভাৱে বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দিবন ডেকাক বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰে৷

বুধবাৰে নিশা নাটকীয়ভাৱে দিবন ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ দিবন ডেকাৰ গ্ৰেপ্তাৰৰ পিছতে চর্চালৈ আহিছে এখন বিশেষ ধাবাৰ প্ৰসংগ৷ পাঠশালাৰ এখন বিশেষ ধাবাৰ পৰা আৰক্ষী আৰু চিআইডিৰ দলে দিবন ডেকাক গ্ৰেপ্তাৰ কৰিছিল৷

দিবন ডেকাৰ গ্ৰেপ্তাৰৰ পাছতেই চর্চালৈ অহা পাঠশালাস্থিত ‘হাবি ধাবা’ৰ গৰাকী হ’ল টিহু মণ্ডল বিজেপি যুৱমর্চাৰ সাধাৰণ সম্পাদক পার্থপ্ৰতিম তালুকদাৰ৷ অর্থাৎ পার্থপ্ৰতিম তালুকদাৰো জড়িত বিজেপিৰ সৈতে৷ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে SI প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কিয় বাৰে বাৰে নাম সাঙোৰ খাইছে ইজনৰ পাছত সিজন বিজেপি নেতাৰ নাম৷

উল্লেখ্য যে বুধবাৰে সন্ধিয়া সংবাদমাধ্যমত আত্মসমর্পন কৰিব বুলি অবগত কৰিছিল৷ কিন্তু লক্ষ্যণীয়ভাৱে অভিযানকাৰী আৰক্ষী-চিআইডিৰ দলে নিশা ১১ বজাত দিবন ডেকাক গ্ৰেপ্তাৰ কৰে৷ সূত্ৰ অনুসৰি দিবন ডেকাই হাবি ধাবাতে গ্ৰহণ কৰিছিল নৈশ আহাৰ৷ অর্থাৎ দিবন ডেকা বহু সময় হাবি ধাবাতে সময় অতিবাহিত কৰিছে৷

SI প্ৰশ্নকাকত ফাদিল আৰু দিবন ডেকাক গ্ৰেপ্তাৰ৷ সমগ্ৰ ঘটনাৱলীতে বাৰে বাৰে নাম সাঙোৰ খাইছে একাংশ বিজেপি কর্মীৰ৷ আৰক্ষীয়ে ম’ষ্ট ৱান্টেড ঘোষণা কৰাৰ পিছতো বিজেপি কর্মী পার্থ প্ৰতিম তালুকদাৰে নিজৰ ধাবাত দিবন ডেকাক কম সময়ৰ বাবে হ’লেও আশ্ৰয় প্ৰদান কৰিছিল৷

এতিয়া আৰক্ষীয়ে ম’ষ্ট ৱান্টেড পলাতক দিবনক আশ্ৰয় প্ৰদান কৰা পার্থ প্ৰতিম তালুকদাৰৰ বিৰুদ্ধে তদন্ত কৰিবনে? তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ ?