ড্ৰাগছৰ ৰম্যভূমিত পৰিণত কাৰ্বি আংলঙৰ বোকাজান

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত জব্দ প্ৰায় লক্ষাধিক নিচাযুক্ত টেবলেট। আৰক্ষীৰ অভিযানত দুই মণিপুৰী যুৱক। আৰক্ষীয়ে আটক কৰা যুৱক দুজন ক্ৰমে ৰমি কান্ত সিং আৰু বিকেন সিং।
মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত কাৰ্বি আংলং আৰক্ষীৰ বিশেষ তালাচীত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। MN01 7632 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটখিনি। উল্লেখ্য যে জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃ ৰাষ্ট্ৰীয় বজাৰমূল্য প্রায় 6 কোটি টকা বুলি জানিব পৰা গৈছে।
বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, চক্ৰ বিষয়া ভূপেন কলিতা আৰক্ষী বিষয়া মনোজ্জল গগৈ আৰু আৰক্ষী জিতেন গগৈৰ নেতৃত্বত বোকাজানত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। লক্ষণীয়ভাৱে বিগত চাৰিমাহত কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে। বৰ্তমানলৈ আৰক্ষীয়ে প্রায় ৪৫ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।