কাৰ্বি আংলঙত পুনৰ জব্দ চোৰাং কুণ্ডা ভৰ্তি বাহন

কাৰ্বি আংলঙত জব্দ চোৰাং কুণ্ডা ভৰ্তি বাহন। খেৰণি বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কুণ্ডা। বন বিভাগে অভিযান চলাই এখন বলেৰ’ পিক আপ বাহনসহ বৃহৎ পৰিমাণ চোৰাং কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। লক্ষণীয়ভাৱে বন বিভাগে বাহনখন জব্দ কৰে যদিও কোনো চোৰাং সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ‘ল। খেৰণি বন বিভাগে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।