Local, Vocal, Global

RBI Governor on Rs 2000 withdrawal: কোনো দোকানে ২০০০ টকীয়া নোট অস্বীকাৰ কৰিব নোৱাৰিব

নেশ্যনেল ডেস্ক, ২২ মে,: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে পুনৰবাৰ ২০০০ টকীয়া নোটৰ প্ৰচলন প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ কৰি নোটবোৰ আইনী মুদ্ৰাৰ ৰূপত থাকিব বুলি উল্লেখ কৰে (Reserve Bank of India Governor Shaktikanta Das)। ২০০০ টকাৰ এই নোটসমূহ কোনেও, আনকি দোকানসমূহেও নাকচ কৰিব নোৱাৰিব আৰু এই নোটসমূহৰ লেনদেনৰ সন্দৰ্ভত জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি বেংকসমূহ দায়বদ্ধ হৈ থাকিব বুলিও তেখেতে উল্লেখ কৰে ((Banks will remain sensitive to needs of people during exchange)) ।

২০০০ টকীয়া নোটৰ প্ৰচলন প্ৰত্যাহাৰৰ সিদ্ধান্ত ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰগৰাকীয়ে কয় যে ২০০০ টকীয়া নোট উলিওৱাৰ সিদ্ধান্ত মুদ্ৰা ব্যৱস্থাপনা পৰিকল্পনা(Currency management plan)ৰ অংশ হিচাপে লোৱা হৈছে আৰু নোটৰ সালসলনিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়া হৈছে । বিমুদ্ৰাকৰণৰ সময়ত পূৰ্বৰ বহু নোট প্ৰত্যাহাৰৰ লগতে সেই হিচাব পূৰাবৰ বাবে এই নোটসমূহ নতুনকৈ প্ৰৱৰ্তন কৰা হৈছিল (Withdrawal of currency during demonetisation) ।

শক্তিকান্ত দাসে কয় যে, বৰ্তমানলৈকে জনসাধাৰণৰ প্ৰয়োজন পূৰণৰ বাবে অন্য মূল্যৰ পৰ্যাপ্ত নোট প্ৰচলিত হৈ আছে আৰু ২০০০ টকীয়া নোটৰ প্ৰচলন এতিয়া যথেষ্ট হ্ৰাস পাইছে যি বৰ্তমানে মাত্ৰ ১০.৮ শতাংশহে বজাৰত আছে। সেই হিচাপে এই প্ৰত্যাহাৰৰ প্ৰভাৱ দেশৰ অৰ্থনীতিৰ ওপৰত অতি সীমিত ৰূপত হ’ব বুলিও তেখেতে লগতে উল্লেখ কৰে (Withdrawal will be very marginal on Indias economy) ।

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰগৰাকীয়ে আৰু কয় যে ২০০০ টকীয়া নোটৰ অধিকাংশই ইতিমধ্যে জমা হৈছে আৰু জনসাধাৰণৰ লগত থকাখিনি সালসলনিৰ পিছত ৩০ ছেপ্টেম্বৰৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বেংকলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে । লগতে দেশৰ মুদ্ৰা ব্যৱস্থাপনাৰ ব্যৱস্থা অতিকে শক্তিশালী বুলি তেখেতে অতি দৃঢ়তাৰে কয় (Indias currency management system was very strong)।

দেশৰ ব্যৱস্থাত পৰ্যাপ্ত পৰিমাণৰ নোট উপলব্ধ হোৱাৰ বাবে নোটৰ উপলব্ধতাৰ বাবে চিন্তাৰ কোনো প্ৰয়োজন নাই বুলি আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে উল্লেখ কৰে । লগতে ইউক্ৰেইনৰ সংঘাত আৰু পশ্চিমীয়া দেশৰ একাংশ বেংকৰ বিফলতাৰ বাবে বিত্তীয় বজাৰত সংকট আহিলেও বিনিময়ৰ হাৰ সুস্থিৰ হৈ আছে ।

২০০০ টকাৰ এই নোটসমূহ সালসলনিৰ বাবে বেংকলৈ খৰখেদাকৈ যোৱাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰি প্ৰয়োজন সাপেক্ষে আৰ বি আইয়ে জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিয়মৰ সালসলনিও আনিব বুলিও ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰগৰাকীয়ে কয় ।

লগতে পঢ়ক: পৰিচয় পত্ৰ অবিহনে ২০০০ টকীয়া নোট সালসলনিৰ বিৰুদ্ধে ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন