Local, Vocal, Global

SEBA Assam HSLC Result 2023: মেট্ৰিকৰ ফলাফলক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সন্তুষ্টি প্ৰকাশ

ধেমাজি, 22 মে’: পূৰ্বৰ দৰে এইবাৰ আগতীয়াকৈ ঘোষণা কৰা নহ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ জাননী ৷ সোমবাৰে হঠাৎ ছেবাই ঘোষণা কৰিলে 2022-23 বৰ্ষৰ মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে টুইটাৰৰ জৰিয়তে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব বুলি এটা টুইট কৰাৰ পিছতেই ৰাজ্যজুৰি তোলপাৰ লাগে । শিক্ষাৰ্থী, অভিভাৱকৰ পৰা আৰম্ভ কৰি সকলোৰে মাজত খদমদম লাগে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে টুইইযোগে উল্লেখ কৰা নিৰ্ধাৰিত সময় অনুসৰিয়েই ছেবাই সোমবাৰে পুৱা 10 বজাত ঘোষণা কৰিলে ফলাফল (SEBA declared HSLC results) ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এনেদৰে ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া (Education Minister reaction on HSLC results) ৷ ধেমাজিত আয়োজিত এখন সংবাদমেলত তেখেতে কয় যে, এইবাৰ 72.69 শতাংশ পৰীক্ষাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছে ৷ এইবাৰৰ মেট্ৰিক পৰীক্ষাত চাৰিলাখ অৱতীৰ্ণ হোৱাৰ বিপৰীতে তিনিলাখ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ শিক্ষক আৰু অভিভাৱকৰ লগতে উত্তীৰ্ণ শিক্ষাৰ্থী সকলক অভিনন্দন জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, ছেবাই এইবাৰ সঠিক সময়তে ফলাফল ঘোষণা কৰিছে ৷ শিক্ষকসকলেও বহু কষ্ট কৰিছে ৷ তথাপি আগন্তুক দিনত যাতে ইয়াতকৈ আৰু ভাল ফলাফল আহে তাৰ বাবে শিক্ষাৰ্থীসকলক আগুৱাই নিবলৈ শিক্ষকসকলক শিক্ষামন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাইছে ।

মন্ত্ৰীগৰাকীয়ে কলে, সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ লক্ষ্য কৰিলে পূৰ্বৰ তুলনাত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ফলাফল উন্নত হৈছে (HSLC results 2023) ৷ তেওঁ লগতে কয় যে, সোম অথবা মঙলবাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা নহয় ৷ কোনো দুষ্ট চক্ৰই উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ’ব বুলি অপপ্ৰচাৰ চলাইছিল ৷ এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত এক লাখ ত্ৰিশ এহাজাৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ সেয়েহে কেইদিনমানৰ পিচতহে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল (AHSEC HS result date) ৷

একেদৰে শিক্ষামন্ত্ৰীগৰাকীৰ নিজা সমষ্টিৰ জিলাখনৰ ফলাফল সন্দৰ্ভত তেখেতে কয় যে, HSLC পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত ধেমাজি জিলাখনে স্থান নাপালেও বিগত বছৰৰ গুণোৎসৱত পিছপৰি থকা জিলাখনে এইবাৰ সাতনম্বৰ স্থানলৈ আগুৱাই আহিল ৷

লগতে পঢ়ক: SEBA Result 2023 Toppers: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম স্থান হৃদম ঠাকুৰীয়া