Local, Vocal, Global

SEBA Assam HSLC Results 2023 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰিদ্ৰ পৰিয়ালৰ সন্তান বিজিত কুমাৰ ৰায়ৰ চমক

কোকৰাঝাৰ, ২২ মে’ : আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোকৰাঝাৰ জিলাই ৬৬.৪০ শতাংশ উত্তীৰ্ণৰে নিম্নগামী ফলাফল প্ৰদৰ্শন কৰিছে (HSLC Results 2023) । কোকৰাঝাৰ জিলাৰ পৰা ১৫,৬৮৯ গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈছিল আৰু ইয়াৰে ১০,৪১৭ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ ভিতৰত ২০৩১ গৰাকীয়ে প্ৰথম বিভাগত, ৫,২৬০ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৩,১২৬ গৰাকী পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ।

ইয়াৰ মাজতে এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ সন্তানে ৬টা বিষয়তে লেটাৰসহ নম্বৰেৰে সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।

কোকৰাঝাৰ জিলাৰ বালাজান তিনালী নিৱাসী গোৱিন্দ ৰায় আৰু হীৰা ৰায়ৰ সন্তান বিজিত কুমাৰ ৰায়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়াত ৯৪ , ইংৰাজীত ৯০, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৮৮ , সমাজ বিজ্ঞানত ৯৪ আৰু হিন্দীত ৮৭ নম্বৰ লাভ কৰে । সৰ্বমুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৪৮ নম্বৰ লাভ কৰি ৯১.৩৩ শতাংশ লৈ বিজিত কুমাৰ ৰায়ে ডিষ্টিংচন পাবলৈ সক্ষম হয় । মাত্ৰ কেইটামান নম্বৰৰ বাবে স্থানপ্ৰাপ্তিৰ পৰা বঞ্চিত হ’ল বিজিত কুমাৰ ৰায় ।

উল্লেখ্য যে মেধাৱী ছাত্ৰ বিজিত কুমাৰ ৰায়ৰ পিতৃ গোৱিন্দ ৰায় দিন মজুৰি কৰি পৰিয়ালক পোহপাল দিয়ে । দিন মজুৰি কৰা গোৱিন্দ ৰায়ৰ পুত্ৰ বিজিত কুমাৰ ৰায়ৰ সাফল্যত পিতৃ -মাতৃ তথা ওচৰ চুবুৰীয়াই আনন্দ প্ৰকাশ কৰিছে । ভৱিষ্যতে বিজিত কুমাৰ ৰায়ে চিকিৎসক হোৱাৰ সপোন দেখিছে । বিজিত কুমাৰ ৰায় কোকৰাঝাৰৰ এখন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি সদৰি কৰিছে ।

জানিব পৰা মতে মেধাৱী ছাত্ৰ বিজিত কুমাৰ ৰায়ে তেওঁৰ পঢ়াৰ কোনো নিৰ্দিষ্ট সময়-সীমা নাছিল আৰু যেতিয়াই সময় পাইছিল তেতিয়াই পঢ়া শুনা কৰিছিল । তেওঁৰ সফলতাৰ আঁৰত পিতৃ -মাতৃ আৰু নিজে পঢ়া গৌৰাং হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অৱদান আগবঢ়াইছে । বিজিতে আজৰি পৰত ছবি আঁকি ভাল পায় বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : PIL in HC against exchange of Rs 2000: পৰিচয় পত্ৰ অবিহনে ২০০০ টকীয়া নোট সালসলনিৰ বিৰুদ্ধে ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন