Local, Vocal, Global

শ্বাহৰুখ খানৰ নতুন অৱতাৰ, ৰূপ ল’লে ‘পাঠান’ৰ

‘জিৰ’ৰ বিফলতাৰ পিছত প্ৰায় দুবছৰৰ অন্তত নতুন ছবিৰ বাবে সাজু হৈছে বলীউডৰ মহানায়ক শ্বাহৰুখ খান। বুধবাৰে য়ছ ৰাজ ষ্টুডিঅ’ৰ বাহিৰত নতুন ৰূপত দেখা গ’ল কিং খানক। ইতিমধ্যে প্ৰকাশ পাইছে যে সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত ‘পাঠান’ নামৰ চলচ্চিত্ৰত অভিনয় কৰিব শ্বাহৰুখে। জিৰ’ৰ ব্যৰ্থতাৰ পিছত দুবছৰ ধৰি কোনো নতুন চলচ্চিত্ৰত অভিনয় কৰা নাই শ্বাহৰুখ খানে। বুধবাৰে য়ছ ৰাজ ষ্টুডিঅ’ত প্ৰৱেশৰ মুহূৰ্তত দেখা গ’ল শ্বাহৰুখৰ নতুন ৰূপ। পূৰ্বে নেদেখা দীঘল চুলিৰে ব’ল্ড লুক কিং খানৰ। উল্লেখ্য যে পাঠানত শ্বাহৰুখৰ সৈতে অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে দীপিকা পাডুকন আৰু জন আব্ৰাহম। ইয়াৰ পূৰ্বে পৰিচালক সিদ্ধাৰ্থৰ সৈতে ছুপাৰহিট ‘ৱাৰ’ নামৰ ছবিখনত অভিনয় কৰিছিল শ্বহৰুখ খানে। ‘ৱাৰ’ত শ্বাহৰুখৰ সৈতে আছিল জন আব্ৰাহমো। আনহাতে দীপিকাৰ সৈতে শ্বাহৰুখ খানে ওম শান্তি ওম, হেপী নিউ ইয়েৰ আৰু চেন্নাই এক্সপ্ৰেছৰ দৰে কেইবাখনো সফল চলচ্চিত্ৰত অভিনয় কৰিছিল।

 

View this post on Instagram

 

A post shared by Varinder Chawla (@varindertchawla)