Local, Vocal, Global

দুৰ্গা পূজাৰ পূজাৰীৰ দক্ষিণাৰ চেক বাউঞ্চ

দুৰ্গা পূজাৰ পূজাৰীয়ে তুলিলে চেক বাউঞ্চৰ অভিযোগ। হয়, পূৰ্বতে নঘটা এটা ঘটনা। আগেয়ে নুশুনা এক অভিযোগ। এজন পূজাৰীয়ে প্ৰাপ্য দক্ষিণাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি সৃষ্টি কৰিছে বিতৰ্কৰ। এইজন মহানগৰীৰ বিৰুবাৰীৰ অঞ্চলৰ বাসিন্দা পূজাৰী ভূপেন শৰ্মা। পূজাৰী ভূপেন শৰ্মাই গুৱাহাটীৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ বাসগৃহত যোৱা দুৰ্গা পূজাত পূজাৰীৰ দায়িত্ব পালন কৰিছিল। ভূপেন শৰ্মাৰ অভিযোগ মৰ্মে তেওঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক তথা বৰপেটাৰ ফকৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু তেওঁৰ পত্নী বিশিষ্ট নৃত্য পটিয়সী তথা শীৰ্ষ শিক্ষা বিষয়া শাৰদী শইকীয়াৰ বাসগৃহত অনুষ্ঠিত দুৰ্গা পূজাৰ পুৰোহিতৰূপে পূজা সম্পন্ন কৰিছিল। পূজা ভালে-কুশলে গৈ গ’ল। শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক ষষ্ঠীত আৱাহন কৰি দশমীত বিসৰ্জনো দিয়া হ’ল। তাৰ পিছতে আহিল পুৰোহিতৰ বিদায় পৰ্ব। গৃহস্থই মাননীৰূপে নগদ ধনৰ পৰিৱৰ্তে পূজাৰী ভূপেন শৰ্মাৰ হাতত তুলি দিলে ২১,৫০০ হাজাৰ টকাৰ এখন চেক। ইউকো বেংকৰ দিছপুৰ শাখাৰ চেকখন ৩ নৱেম্বৰত শৰ্মাই জমা দিলে তেওঁৰ ইউবিআইৰ একাউণ্টত। কিন্তু একাউণ্টত প্ৰয়োজনীয় ধন নথকাৰ বাবে চেক হ’ল বাউঞ্চ। এইবাৰ পূজাৰী ভূপেন শৰ্মাই ফোনযোগে অৱগত কৰিলে ডাঃ বৰা আৰু তেওঁৰ পত্নী শইকীয়াক। কিন্তু ফল নধৰিলে। উপায়ন্তৰ পূজাৰী ভূপেন শৰ্মাই অধিবক্তাৰ জৰিয়তে আইনী জাননী প্ৰেৰণ কৰিছে চেকখন ইছ্যু কৰা ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ পত্নী শাৰদী শইকীয়ালৈ। পূজাৰী ভূপেন শৰ্মাৰ হৈ অধিবক্তা পুলিন চন্দ্ৰ গোস্বামীয়ে শইকীয়াক জনাইছে যে যদিহে এসপ্তাহৰ ভিতৰত চেকৰ ধন আদায় দিয়া নহয়, তেন্তে গ্ৰহণ কৰা হ’ব আইনী প্ৰক্ৰিয়া। পূজাৰী ভূপেন শৰ্মাৰ দুৰ্গা পূজাৰ মাননীৰ চেক বাউঞ্চৰ অভিযোগ সন্দৰ্ভত ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ প্ৰতিক্ৰিয়া বিচৰাত মাই নিউজক তেখেতে টেলিফোনত জনায় যে পূজাৰী শৰ্মাৰ মাননীৰ ধনখিনি আদায় দিয়া হৈছে। সেয়া যিয়েই নহওক, একাধিক সংবাদ পত্ৰত ইতিপূৰ্বে প্ৰকাশিত পূজাৰীৰ চেক বাউঞ্চৰ এই খবৰে লাভ কৰিছে ব্যাপক চৰ্চা।