Local, Vocal, Global

ইউ টিউবাৰৰ বিৰুদ্ধে ৫০০ কোটিৰ মানহানিৰ গোচৰ অক্ষয় কুমাৰৰ

বলীউড তাৰকা অক্ষয় কুমাৰে এজন ইউ টিউবাৰৰ বিৰুদ্ধে ৰুজু কৰিছে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত অক্ষয় কুমাৰৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছিল ৰচিদ ছিদ্দিকি নামৰ এজন ইউ টিউবাৰ। নিজৰ ইউ টিউব চেনেলত এক ভিডিঅ’যোগে ৰচিদ ছিদ্দিকিয়ে অভিযোগ তুলিছিল যে অক্ষয় কুমাৰে সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক কানাডালৈ পলাই যোৱাত সহায় কৰিছিল। ছিদ্দিকিয়ে আৰু অভিযোগ কৰিছিল যে অক্ষয় কুমাৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ বিষয়ে গোপনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰেৰ সৈতে কথা পাতিছিল। তাতেই ক্ষান্ত নাথাকি ইউ টিউবাৰজনে মন্তব্য কৰিছিল যে এম এছ ধোনীঃ দ্য আনট’ল্ড ষ্টৰী ছবিখনত সুশান্তই অভিনয়ৰ সুযোগ পোৱাত অসুখী আছিল অক্ষয় কুমাৰ। প্ৰকাশ পোৱা মতে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় অপপ্ৰচাৰৰ ভিডিঅ’ৰ দ্বাৰা ছিদ্দিকিয়ে ৪ মাহৰ ভিতৰত ইউ টিউবৰ পৰা ১৫ লক্ষাধিক টকা আয় কৰিছিল। বিহাৰৰ বাসিন্দা ২৫ বছৰীয়া ৰছিদ ছিদ্দিকিৰ ইউ টিউব চেনেল এফ এফ নিউজ বিগত কেইমাহমানৰ ভিতৰতে বিতৰ্কিত ভিডিঅ’ৰে চৰ্চালৈ আহিছিল। ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু তেওঁৰ পুত্ৰ আদিত্য থাকৰেৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগত আটক কৰিছিল ইউ টিউবাৰজনক। পৰৱৰ্তী সময়ত জামিনত মুক্তি লাভ কৰা ৰছিদ ছিদ্দিকিৰ বিৰুদ্ধে এইবাৰ ৫০০ কোটিৰ মানহানিৰ গোচৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ।