Local, Vocal, Global

বিবাহিতা মহিলাৰ অশ্লীল ফটো ভাইৰেল সামাজিক মাধ্যমত

0 7

শালবাৰীত বিবাহিতা মহিলাৰ অশ্লীল ফটো ভাইৰেল সামাজিক মাধ্যমত

 

বিপিএফৰ সদস্য জগত দাসৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ ভুক্তভোগীৰ

 

এগৰাকী বিবাহিতা মহিলাৰ অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাক লৈ বাক্সাৰ শালবাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷  এই ঘটনাত এগৰাকী বিপিএফ কৰ্মী জড়িত থকাৰ অভিযোগত ইতিমধ্যে ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ এসপ্তাহ পাৰ হোৱাৰ পিছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে বাক্সাৰ শালবাৰীৰ ৰৌমাৰী গাঁওৰ জগত দাস নামৰ এগৰাকী বিপিএফৰ কৰ্মীয়ে চাকৰি দিয়াৰ প্ৰলোভনেৰে একে গাঁৱৰে এগৰাকী বিবাহিতা মহিলাক পাঠশালাত থকা ককায়েকৰ ঘৰলৈ লৈ গৈ বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰ উপৰিও নিচাজাতীয় টেবলেট সেৱন কৰোৱাই বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰে আৰু তাৰে বহুকেইখন অশ্লীল ফটো নিজৰ মোবাইলত আবদ্ধ কৰি ৰাখে৷

এই কথা ফাদিল কৰিলে পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকিও দিয়ে জগত দাসে৷কিন্তু তাৰ পিছতো জগত দাসে সকলোবোৰ অশ্লীল ফটো সামাজিক মাধ্যমত মুকলি কৰি দিয়াত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে ঘটনাটোৱে৷

ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় বিচাৰি আনন্দ বজাৰ আৰক্ষীৰ জৰিয়তে শালবাৰী থানাত অভিযুক্ত জগত দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷

Leave A Reply

Your email address will not be published.