Local, Vocal, Global

প্ৰথম জনী খেদিলে,দ্বিতীয় জনীও খেদিলে,তৃতীয় জনী পুলুৱাই বিপদত ৰঙিয়াৰ যুৱক

প্ৰথম জনী খেদিলে,দ্বিতীয় জনীও খেদিলে,তৃতীয় জনী পুলুৱাই বিপদত ৰঙিয়াৰ যুৱক ৷

 

কামৰূপৰ বৰপূল্লাত বিবাহিত যুৱকৰ দ্বাৰা প্ৰেমৰ চালনাৰে নাবালিকা অপহৰণ ৷

 

নিশাই অপহৃত নাবালিকা সহ যুৱকজনক উদ্ধাৰ কৰে কঞাঁ আৰক্ষীয়ে ৷

 

যুৱক জনৰ ঘৰ ৰঙিয়া মহকুমাৰ ডোৱক গাৱঁৰ হীৰাপাৰা চুবুৰীত ৷

 

ৰঙিয়া মহকুমাৰ কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰপূল্লা গাৱঁৰ গোপাল লহকৰৰ ১৭ বছৰীয়া কন্যা ৰিমা লহকৰক ২১ আগষ্ট সন্ধিয়া এন্ধাৰৰ সুযোগ বুজি ডোৱক হীৰাপাৰা চুবুৰীৰ প্ৰসন্ন হীৰাৰ পুত্ৰ তপন হীৰাই প্ৰেমৰ চলনাৰে পলুৱাই  লৈ যায়৷মাতৃহাৰা নাবালিকা জনীৰ পিতৃয়ে বিভিন্ন ঠাইত বিছাৰ খোছাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত কঞাঁ আৰক্ষী থানাত অপহৰণৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে ৷পৰিয়ালৰ অভিযোগৰ ভিত্তিত কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল তালুকদাৰে যোৱা নিশা ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডোৱক গাৱঁৰ হীৰাপাৰা চুবুৰীৰ যুৱকজনৰ গৃহৰ পৰা দুয়োজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰামতে ধৃত যুৱকজন পূৰ্বে দজনীক বিয়া কৰাই খেদি দি তৃতীয় বাৰৰ বাবে এইজনীক পলুৱাই নিছিল ৷ ইতিমধ্যে কঞাঁ আৰক্ষীয়ে মোবাইল ফোনৰ কল লিষ্টৰ পমখেদি অন্য এজন যুৱকক সোধপোছৰ বাবে আনিছিল যদিও নিৰ্দোষী প্ৰমান হোৱাত যুৱক জনক এৰি দিয়ে৷আনহাতে অপহৰণকাৰী যুৱকজনৰ নামত ৬৭/২১ নংত এটি গোচৰ পঞ্জিয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষী সুত্ৰত প্ৰকাশ কৰে৷