Local, Vocal, Global

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই। ডিব্ৰুগড়ৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে নন্দিতাই।

মৰিধল মহাবিদ্যালয়ৰ স্নাতক শাখাৰ এগৰাকী নিৰ্বোধ ছাত্ৰী আছিল নন্দিতা। একেখন মহাবিদ্যালয়ৰ ৰিন্তু শৰ্মা নামৰ গ্ৰন্থাগাৰৰ বিয়েৰাৰ হিচাবে কৰ্মৰত যুৱকে জনে দাৰে আক্ৰমণ কৰিছিল নন্দিতাক।

বিগত শনিবাৰে ধেমাজিৰ বাছ আস্থানৰ সমীপত নন্দিতাক আক্ৰমণ কৰিছিল ঘাটক ৰিন্তুৱে। ইয়াৰ পাছতে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত অতি সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল নন্দিতা। নন্দিতাৰ লগতে তেওঁৰ

সহপাঠী কাশ্মীৰা দত্তকো আক্ৰমণ কৰিছিল ৰিন্তুৱে। এখন খামতী দাৰে নন্দিতাৰ মূৰ আৰু দেহৰ অন্যান্য অংশত প্ৰচণ্ড ঘাপ মাৰিছিল।
অৱশেষত বুধবাৰে দিনৰ প্ৰায় ১ঃ২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে নন্দিতাই।