Local, Vocal, Global

বিবাহৰ প্ৰতিশ্ৰুতিৰে হোৱা সকলো যৌন সম্পৰ্কই ধৰ্ষণ নহয়ঃ ন্যায়ালয়

বিয়া পতাৰ প্ৰতিশ্ৰুতিৰে স্থাপন হোৱা সকলো যৌন সম্পৰ্ককে ধৰ্ষণ বুলিব নোৱাৰি। এই মন্তব্য দিল্লী উচ্চ ন্যায়ালয়ৰ। বিবাহৰ প্ৰতিশ্ৰুতি পায়েই যদিহে কোনো মহিলাই পুৰুষৰ সৈতে দীঘলীয়াকৈ শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰে তেন্তে পৰৱৰ্তী সময়ত তাক ধৰ্ষণৰ সমতুল্য হিচাপে গণ্য কৰিব নোৱাৰি। বহু মাহ ধৰি এজন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰা এগৰাকী মহিলাৰ আৱেদন নাকচ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। ন্যায়ালয়ৰ মতে বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে এটা পক্ষই আনটো পক্ষক বাধ্য কৰিলেহে সেয়া ধৰ্ষণ বুলি গণ্য কৰিব পাৰি। কিন্তু যেতিয়া সম্পৰ্ক দীঘলীয়া হয় আৰু যথেষ্ট সময়ৰ বাবে দুয়োপক্ষ যৌনতাত লিপ্ত হয় তেন্তে তাক কেৱল বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবেই হোৱা বুলি গণ্য কৰিব নোৱাৰি। এখন নিম্ন আদালতে ধৰ্ষণৰ অভিযোগ খাৰিজ কৰি দিয়া ৰায় বাহাল ৰাখি গোচৰটো নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ ওচৰ চপা মহিলাগৰাকীৰ মতে অভিযুক্তজনে তেওঁক প্ৰৱঞ্চনা কৰিছিল আৰু বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে বাৰম্বাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু আন এগৰাকী মহিলাৰ বাবে তেওঁক ত্যাগ কৰে পুৰুষজনে। গোচৰটোৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে কয় যে ঘটনাক্ৰমৰ পৰা প্ৰতিপন্ন হৈছে যে মহিলাগৰাকীয়ে নিজৰ ইচ্ছা আৰু সন্মতিসাপেক্ষেই শাৰীৰিক সম্পৰ্কত লিপ্ত হৈছিল, য’ত পুৰুষজনৰ প্ৰতি মহিলাগৰাকীৰ স্বাভাৱিক ভালপোৱা জড়িত আছিল।