Local, Vocal, Global

১৫ দিনত দ্বিতীয়বাৰলৈ ৫০ টকা বাঢ়িল ৰন্ধন গেছৰ দাম

বুধবাৰে দেশজুৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৫০ টকাকৈ মূল্য বৃদ্ধি ঘটিছে। ৰাজসাহায্যহীন ১৪.২ কেজিৰ চিলিণ্ডাৰৰ মূল্য ৬৪৪ টকাৰ পৰা বৃদ্ধি পাই হ’লগৈ ৬৯৪ টকা। চলিত মাহত এয়া দ্বিতীয়বাৰৰ বৃদ্ধি। এক ডিচেম্বৰতো ৫০ টকা বৃদ্ধি পাইছিল ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম। ইয়াৰ পূৰ্বে জুলাইৰ পৰা ৫৯৪ টকা আছিল এলপিজি চিলিণ্ডাৰৰ দাম। আনহাতে ৫ কেজিৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে ১৮টকা আৰু ১৯ কেজিৰ চিলিণ্ডাৰৰ বাঢ়িছে ৩৬.৫০ টকা৷