Local, Vocal, Global

অসম জাতীয় পৰিষদৰ সভাপতি হ’ল লুৰিণজ্যোতি গগৈ, সমিতিত আৰু কোন?

সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা প্ৰস্থান কৰি অসম জাতীয় পৰিষদত যোগদান কৰিয়েই দলটোৰ প্ৰতিষ্ঠাপক সভাপতিৰ আসনত অধিষ্ঠিত হ’ল লুৰিণজ্যোতি গগৈ। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনত গঠন হ’ল দলটোৰ প্ৰথমখন পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি। আশা কৰাৰ দৰেই লুৰিণজ্যোতিৰ কান্ধত ন্যস্ত হ’ল অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব। আনহাতে অগপ ত্যাগ কৰি অজাপত যোগ দিয়া পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকাক দিয়া হ’ল কাৰ্যকৰী সভাপতিৰ পদ। দলটোৰ মুখ্য সমন্বয়ক হিচাপে পোনতে দায়িত্বপ্ৰাপ্ত প্ৰাক্তন অগপ বিধায়ক জগদীশ ভূঞাক দিয়া হ’ল সাধাৰণ সম্পাদকৰ দায়িত্ব। অদীপ কুমাৰ ফুকনক দিয়া হ’ল উপ-সভাপতিৰ দায়িত্ব। অদীপ কুমাৰ ফুকনসহ ১১জন উপ-সভাপতি, ১১জন যুটীয়া সম্পাদক আৰু ১১জন সাংগঠিনক সম্পাদকক লৈ গঠন হ’ল অজাপৰ প্ৰথমখন পূৰ্ণাংগ কমিটী।

অজাপৰ নৱ গঠিত সম্পূৰ্ণ কেন্দ্ৰীয় সমিতিখন হ’ল- সভাপতি লুৰিণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি ক্ৰমে- অদীপ কুমাৰ ফুকন, ড০ শিখৰ কুমাৰ শৰ্মা, ৰাণা চাংমাই, ৰবীন্দ্ৰ কুমাৰ দত্ত, ইজৰাইল নন্দ, ইমদাদ হুছেইন, পলাশ ৰঞ্জন বৰুৱা, প্ৰদীপ ৰঞ্জন কৰ, হৰেন চুতীয়া, ডাঃ বীৰেণ বৰুৱা, প্ৰণিতা ডেকা। সম্পাদক ক্ৰমে- চিত্তৰঞ্জন বসুমতাৰী, বিশ্বজিৎ টিপমীয়া, ৰাজু ফুকন, জান বৰা, ৰাফেল কুজুৰ, ৰাজীৱ ভট্টাচাৰ্য, সঞ্জয় দেৱ, দীপক হাজৰিকা, আব্দুল হাচিব, অমল ডেকা, বাণী দাস। যুটীয়া সম্পাদক ক্ৰমে- প্ৰিন্স ফাইজুল হক, ড০ গোপাল ফুকন, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, চন্দ্ৰপ্ৰকাশ শৰ্মা খাণ্ডেলৱাল, কমলেশ ডেকা, সুবিৰ মেচ, লুচি নেওগ, ইমদাদ হুছেইন, লাকীমণি বৰুৱা, দুলদুল বৰকটকী, পাৰ্থপ্ৰতিম বেজবৰুৱা। সাংগঠনিক সম্পাদক ক্ৰমে- চন্দন সন্দিকৈ, ৰূপজ্যোতি ৰাজবংশী, অচ্যুত শইকীয়া, ৱাহেদুৰ খণ্ডকাৰ, গোবিন গায়ন, টংকেশ্বৰ কোঁৱৰ, মহেশ শৰ্মা, ফকৰুল ইছলাম মজুমদাৰ, ৰাণা বৰদলৈ, পৱন শইকীয়া, ৰঞ্জন কোঁৱৰ।