৬ মাহ ৫ দিনৰ অন্ততঃ পুনৰ খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ
ব্যস্ততা বাঢ়িছে বিদ্যালয়সমূহৰ৷ ৬ মাহ ৫ দিনৰ অন্ততঃ সোমবাৰে ৰাজ্যৰ বিদ্যালয়সমূহ পুনৰ খুলিব৷ বিভিন্ন নীতি-নিৰ্দেশনাৰ মাজেৰে ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ’ব পাঠদান৷ বিদ্যালয় কর্তৃপক্ষসমূহ সাজু হৈছে পুনৰ পাঠদানৰ বাবে৷ নৱম-দশম, একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব বিদ্যালয়সমূহত৷ ইতিমধ্যে ৰাজ্যৰ বিদ্যালয়সমূহে চৰকাৰে বান্ধি দিয়া নীতি-নিয়মসমূহ পালন কৰি বিদ্যালয়ৰ পাঠদানৰ বাবে সাজু হৈছে৷
উল্লেখ্য যে ১৫ মার্চৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল৷ এতিয়া সোমবাৰৰ পৰা বিদ্যালয়সমূহ খুলি দিয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকৰ মনত সৃষ্টি হৈছে উৎসুকতা৷ হাতত এনঅচি লৈ কাইলৈৰ পৰা ৰাজ্যৰ শিক্ষার্থী যাব বিদ্যালয়লৈ৷