Local, Vocal, Global

ৰাজ্যৰ বজাৰত মূল্যবৃদ্ধিৰ জুই, নিৰ্বিকাৰ যোগান বিভাগ

কৰ’নাৰ মাজতে ৰাজ্যৰ চৌদিশে সম্প্ৰতি অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধিৰ জুই। বজাৰত মূল্যবৃদ্ধিৰ জুই, তথাপিতাে নির্বিকাৰ চৰকাৰ প্রশাসন। খুচুৰা বজাৰত প্রতি কেজি আলু ৪৫-৫০ টকাত, প্রতিকেজি পিয়াজ ৪০-৪৫ টকা, প্রতিকেজি মচুৰ দাইল ৮০-৯০ টকা, প্রতিকেজি ৰহৰ দাইল ৯০-১১০ টকা দৰত, প্রতিকেজি গােটা মগু ৯০-১১০ টকা, প্রতিকেজি মগু দাইল ৯০-১১০ টকাত বিক্ৰী হৈছে। সমান্তৰালকৈ প্রতি প্লেট কণীৰ দাম ১৯০-২২০ টকা, প্রতিকিলাে লােকেল মুৰ্গীৰ দাম ৪২০ টকা, প্রতিকিলাে ব্ৰইলাৰ মুৰ্গীৰ দাম ১৬০ টকা হৈছে। ৯০০ টকীয়া কণীৰ কার্টুনৰ মূল্য হৈছে গৈ ১,১৪০ টকা।

খুচুৰা বিক্রেতাৰ মতে নাইনিতাল আৰু আগ্রাৰ আলু প্রতি কুইন্টেলত ৩,৪০০-৩,৫০০ টকা ক্রয় কৰিবলগীয়া হৈছে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ভিতৰত চাহৰ মূল্যও বৃদ্ধি হৈছে। কিছুদিন আগলৈকে ৬৫ টকাত বিক্ৰী হােৱা প্রতি ২৫০ গ্ৰামৰ চাহৰ পেকেটৰ দাম এতিয়া ৮৫ টকা হৈছে।

বজাৰত ৮০ টকাৰ তলত পাবলৈ নাই কোনোধৰণ পাচলি। বজাৰত প্রতি কিলো জিকা ৭০-৮০ টকা, ভাতকেৰেলা প্রতিকিলােত ৮০ টকা, স্কোৱাচ ৮০ টকা, লেচেৰা ৮০ টকা, পটল ৮০ টকা, বেঙেনা ৬০-৮০ টকা, কছু ৪০-৬০ টকা, ভােল ৬০ টকা, ৰঙালাউ ৪০-৫০ টকা, জাতিলাও ৪০-৫০ টকা, বিলাহী ১২০-১৩০, ভেন্দি ৮০ টকা, জলকীয়া ২৪০ টকা, আদা ২৫০ টকা, নহৰু ২৫০ টকা দামত বিক্ৰী হৈছে। কণী, হাঁহ, কুকুৰাৰ মাংসৰ বজাৰ নিয়ন্ত্ৰণত ৰাজ্যৰ কৃষি বিভাগৰ অধীনত পশুধন নিগম ব্যর্থ হৈছে। শাক-পাচলিৰ বজাৰ নিয়ন্ত্রণত একেদৰে কৃষি বিপণন পৰিষদ তথা কৃষি বিভাগ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে।