Local, Vocal, Global

Road Accident : স্কুল বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ,নিহত এজন

নিউজ ডেস্ক, ১০ এপ্ৰিল : স্কুল বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ,নিহত এজন(Road Accident)।

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে পুৱা শিক্ষাৰ্থী ভৰ্তি স্কুল বাছ আৰু বাইকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটি।

জানিব পৰা মতে,৩২ জন ছাত্ৰ-ছাত্ৰীসহ দিল্লী পাব্লিক স্কুলৰ AS-01-PC-1675 নম্বৰৰ বাছখন বিদ্যালয় অভিমুখে গৈ থাকোতে AS-01-FL-8710 নম্বৰৰ তীব্ৰবেগী Yamaha MT বাইকৰ লগত মুখামুখি সংঘৰ্ষ হয়।ফলত দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহীজন। বঙৰা আমৰতলত সংঘটিত হয় এই দুৰ্ঘটনাটো( school bus bike collision near bangara borjhar)।

এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় পলাশবাৰী আৰক্ষী। এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজন পৰিচয়।

লগতে পঢ়ক : 12 Distillery Workers Killed as Bus Falls into Ditch : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ সোমাল ৫০ফুট দ’ খাৱৈত;নিহত ১২গৰাকী,আহত ১৪গৰাকী