Local, Vocal, Global

12 Distillery Workers Killed as Bus Falls into Ditch : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ সোমাল ৫০ফুট দ’ খাৱৈত;নিহত ১২গৰাকী,আহত ১৪গৰাকী

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ সোমাল ৫০ফুট দ’ খাৱৈত । নিহত ১২গৰাকী মহিলা, আহত ১৪গৰাকীৰো অধিক যাত্ৰী(12 Distillery Workers Killed as Bus Falls into Ditch) ।

ছত্তীশগড়ত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । বুধবাৰে পুৱতি নিশা ছত্তীশগড়ৰ দুৰ্গ জিলাত সংঘটিত হয় এই ভয়ংকৰ বাছ দুৰ্ঘটনাটো।

জানিব পৰা মতে, মঙলবাৰে নিশা এখন উদ্যোগৰ কৰ্মচাৰী ভৰ্তি বাহন নিজৰ কৰ্তব্যৰ পৰা উভতনি পথত নিয়ন্ত্ৰয় হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে । এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় পিছতে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই । দুৰ্ঘটনাগ্ৰস্ত বাহনখনত প্ৰায় ৪০জনৰো অধিক কৰ্মচাৰী আছিল । ইয়াৰে মহিলাসহ নিহত হয় ১২গৰাকীকৈ অধিক কৰ্মচাৰী। লগতে আহত হয় ১৪জৰো অধিক কৰ্মচাৰী । মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰো সম্ভাৱটা প্ৰকট কৰিছে উদ্ধাৰকাৰী দলে(12 killed as bus overturns, falls into ditch in Chhattisgarh)।

এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দুৰ্ঘটনাৰ সবিশেষ খবৰ মুখ্যমন্ত্ৰীৰ পৰা ফোনযোগে লৈছে বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে উক্ত দুৰ্ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে(12 Distillery Workers Killed as Bus Falls into Ditch in Chhattisgarh)।

লগতে পঢ়ক :Tragic Accidents in Moran : শোকাৱহ দুৰ্ঘটনা;নিহত হেণ্ডিমেন