Local, Vocal, Global

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫২সংখ্যক তিৰোভাৱ তিথি। তিৰোভাৱ তিথিত ৰাজ্যজুৰি স্মৰণ গুৰুজনাক। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ-কীৰ্তন ঘৰসমুহ। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চৌদিশ।
কিন্তু কৰ’নাৰ ভয়াৱহতাই বিধি-পথালি প্ৰদান কৰিছে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপনত। বিগত বৰ্ষসমূহৰ দৰে ৰাইজৰ মাজত নাই উছাহ-উদ্দীপনা। ৰাজ্য চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া ক’ভিড নীতি-নিয়ম মানি ৰাজ্যত পালন জগতগুৰুৰ তিৰোভাৱ তিথি।
কৰ’নাৰ কাল সংহাৰে ব্যাঘাত জন্মালে সাতামপুৰুষীয়া পৰম্পৰাত। কোনো-কোনো স্থানত সীমিতসংখ্যক লোকে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে গুৰুজনাৰ তিৰোভাৱ তিথি।