আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তিথি

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু ।।
আজি আহিন মাহৰ পুৰ্ণ ভৈলা দশমী। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ আৱিৰ্ভাৱ তিথি। কলিযুগত নাম ধৰ্মৰ জ্ঞান প্ৰদান কৰি ভকতৰ বাবে ভকতিৰ দেউল বান্ধি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা মহাপুৰুষ গুৰুজনাক স্মৰণ ৰাজ্যবাসীৰ। কৃষ্ণ নামে অমৃতৰ নদী বোৱা গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ দিনাখন ভক্তি ৰসৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। হৰি নাম-ভক্তি ৰসৰে মুখৰিত হৈ পৰিছে বৰপেটা-বৰদোৱা। গুৰুজনাৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। অৱশ্যে কাল কৰ’নাৰ ভয়াৱহতাৰ বাবে ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ পালন ভকতৰ কল্পতৰু শিৰোমণি শংকৰগুৰু আৱিৰ্ভাৱ তিথি।