Local, Vocal, Global

বিবেকক সুধি আছুতে ৰ’ল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

দুলীয়াজানলৈ অৱসৰ ল’বলৈ গৈ আছুৰ একাংশ সদস্যৰ আহ্বানত অৱসৰ নোলোৱাকৈ ঘূৰি আহিছিল আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। চূড়ান্ত সিদ্ধান্তৰ বাবে সময় লৈছিল ড০ ভট্টাচাৰ্যই। কৈছিল- বিবেকৰ সৈতে কথা পতাৰ বাবে মোক কিছু সময়ৰ প্ৰয়োজন। ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ এনে সিদ্ধান্ত আৰু মন্তব্যক বহুতেই সমালোচনা কৰিছিল যদিও আছুৰ সদস্যসকলৰ অধিকাংশই বিচাৰিছিল আছুৰ সৈতে পূৰ্বৰ দৰেই ৰৈ যাওক ড০ ভট্টাচাৰ্য। দুলীয়াজানৰ অধিৱেশনৰ প্ৰায় ১০ দিনৰ অন্তত গুৱাহাটীত অনুষ্ঠিত হ’ল নৱ গঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকক দায়িত্বভাৰ অৰ্পণ আৰু শপতগ্ৰহণ অনুষ্ঠান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী জিৰণি কোঠাত অনুষ্ঠিত এই কাৰ্যসূচীতে আছুৰ মুখ্য উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰি যাব বুলি জনালে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।