Local, Vocal, Global

অভিনয় এৰি ব্যৱসায়ত কি কৰিছে আলিয়া ভাটে ?

এক নতুন ৰূপত অভিনেত্ৰী আলিয়া ভাট ৷ অভিনয়ৰ লগতে উদ্যোগজগতত প্ৰৱেশ কৰিছে অভিনেত্ৰী গৰাকীয়ে৷ ২০১৯ বর্ষৰ  ডিচেম্বৰত ৫৯.২১ কোটি টকা উপার্জনেৰে ‘ফ’র্বছ ইণ্ডিয়া চেলিব্ৰিটি’ ১০০ ৰ তালিকাত স্থান দখল কৰিছে আলিয়া ভাটৰ ‘এড-এ-মামা’ নামৰ এক শিশু উপযোগী ব্ৰেণ্ডে৷ ২-১৪ বছৰ বয়সৰ শিশুৰ বাবে মুকলি কৰা হৈছে ব্ৰেণ্ডটো ৷ প্ৰাৰম্ভিক ৩৫০ টকা মূল্যত এই ব্ৰেণ্ডৰ সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰি৷ ‘ফার্ষ্ট-ক্ৰাই’ অনলাইন বেবী কেয়াৰ ষ্টোৰত পোৱা যাব এই ব্ৰেণ্ডৰ সামগ্ৰীসমূহ৷ এমাজন  আৰু ফ্লিপকার্টতো ব্ৰেণ্ডৰ সামগ্ৰীসমূহ বিক্ৰী কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ শিশুৰ বাবে তৈয়াৰ কৰা সামগ্ৰীসমূহত কোনোধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ কৰা হোৱা নাই৷