Local, Vocal, Global

হিন্দু ৰাষ্ট্ৰক লৈ গেৰুৱাবাহিনীৰ নতুন কৌশল;গৰ্ভৱতী নাৰীক হিন্দুত্ববাদৰ প্ৰশিক্ষণ

ডিজিটেল ডেস্ক:-২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠিত হোৱাৰ পিছত দেশৰ একাংশ তথাকথিত হিন্দুত্ববাদী সংগঠনে উত্থাপন কৰিবলৈ আৰম্ভ কৰে হিন্দু ৰাষ্ট্ৰৰ প্ৰসংগ। বহুকেইটা সংগঠনে হিন্দু ৰাষ্ট্ৰ সম্পৰ্কত বিতৰ্কিত মতামতো প্ৰকাশ কৰিছে বহুবাৰ। এই সন্দৰ্ভত বিজেপি অথবা আৰ এছ এছৰ কোনো নেতাই অৱশ্যে প্ৰকাশ্যে সমৰ্থন কৰা নাই যদিও ইয়াৰ বিৰোধিতা নকৰাটো লক্ষণীয় হৈ উঠিছে। কিন্তু অতি শেহতীয়াকৈ আৰ এছ এছৰ মহিলা শাখা অৰ্থাত ৰাষ্ট্ৰীয় সেৱিকা সমিতিয়ে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ অতি কৌশলী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অলপতে এই উদ্দেশ্যে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যায় এক গোপন কৰ্মশালা। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই গোপন আৰু কৌশল ৰচনা সম্পৰ্কীয় কৰ্মশালাত দেশৰ ১৮খন ৰাজ্যত বহু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কিন্তু এই কৰ্মশালাত লোৱা প্ৰস্তাৱে আপোনাৰ চকু কপালত উঠাব। এই প্ৰস্তাৱ কেৱল সাম্প্ৰদায়িকেই নহয়, বৰং দেশৰ নাৰী সমাজৰ মানৱ অধিকাৰ ভংগ হোৱাৰো সম্ভাৱনা প্ৰকট হৈছে। কিয়নো এক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সেৱিকা সমিতিয়ে অতি ভয়ংকৰ আৰু বিপজ্জনক প্ৰস্তাৱ লৈ তাক ৰূপায়ণ কাৰ্যও আৰম্ভ কৰিছে। কি আছে সেই প্ৰস্তাৱত

সংবাদ সংস্থা পিটিআই-এ প্ৰকাশ কৰা বাতৰি অনুসৰি ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ সন্মিলনৰ গৰ্ভ সংস্কাৰ অভিযান নামৰ এক কাৰ্যসূচী লোৱা হৈছে। ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সাংগঠনিক সম্পাদিকা মাধুৰী মাৰাথে এই তথ্য প্ৰকাশ কৰা বুলিও সংবাদ প্ৰতিষ্ঠানটোৱে দাবী কৰিছে।

ইফালে প্ৰাপ্ত তথ্য অনুসৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ মহিলা সংগঠন হৈছে ৰাষ্ট্ৰীয় সেৱিকা সমিতি। এই ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ সন্মিলনত ২২খন ৰাজ্যৰ পৰা যোৱা ৮০গৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞয়ো অংশগ্ৰহণ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি গৰ্ভ সংস্কাৰ অভিযানৰ অধীনত গৰ্ভস্থ শিশুসকলক জন্মৰ পূৰ্বই হিন্দু ৰাষ্ট্ৰ অথবা হিন্দু সভ্যতা সম্পৰ্কীয় কথা শিকোৱা হ’ব। মূলতঃ জয় শ্ৰীৰাম, ভাৰত মাতা কী জয়, হিন্দু ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আদি শব্দবোৰ গৰ্ভস্থ শিশুক শিকোৱাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে। ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ এই পৰিকল্পনাৰ তথ্য ৰাজহুৱা হোৱাৰ পিছত এতিয়া দেশৰ নাগৰিকৰ মাজত স্বাভাৱিকতে সৃষ্টি হৈছে বহু প্ৰশ্ন। বিজেপি চৰকাৰৰ আমোলত গৰ্ভস্থ শিশুসকলক জয় শ্ৰীৰাম আৰু ভাৰত মাতা কী জয় ধ্বনি শিকাবলৈ পৰিকল্পনা লোৱা হৈছে। অন্য অৰ্থত গৰ্ভৱতী মাতৃসকলক বিজেপিৰ তথাকথিত হিন্দুত্ববাদৰ শ্লোগান আওৰাবলৈ হয়তো বাধ্য কৰোৱা হ’ব। এই পৰিকল্পনাৰ সঠিক ৰূপায়ণ হলে ইছলাম ধৰ্মাৱলম্বী গৰ্ভৱতী মাতৃসকলৰ মানসিক অৱস্থা কি হব পাৰে। ইছলাম ধৰ্মাৱলম্বী গৰ্ভৱতী মাতৃসকলকো জয় শ্ৰীৰাম, ভাৰত মাতা কী জয় হিন্দু ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শ্লোগান আওৰাবলৈ বাধ্য কৰোৱা হব নেকি।

ইতিমধ্যে একেখন সন্মিলনত স্ত্ৰীৰোগ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰা অনুসৰি গৰ্ভস্থ শিশুৱে মাতৃয়ে উচ্চাৰণ কৰা ৫০০ শব্দ গৰ্ভতে শিকিব পাৰে। সেই অনুসৰি হিন্দু ৰাষ্ট্ৰৰ সংঘটকং আৰু জয় শ্ৰীৰাম ধ্বনি গৰ্ভস্থ শিশুৱে আয়ত্ত কৰিব পৰাটো সম্ভৱ বুলিও স্ত্ৰীৰোগ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

অৱশ্যে এইক্ষেত্ৰত বহু চিকিতসক আৰু মনোৰোগ বিশেষজ্ঞই উক্ত সন্মিলনত এই বুলিও মত প্ৰকাশ কৰে যে গৰ্ভস্থ শিশুসকলক মানুহ হিচাপে বিকশিত হবলৈ দিব লাগে। শিশুসকলক হিন্দু, মুছলমান কিম্বা খ্ৰীষ্টান হিচাপে বিকশিত হবলৈ দিয়াটো উচিত নহয়। একেদৰে সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক ৰাজেশ সিনহাই ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ এই প্ৰস্তাৱক মানৱতাৰ পৰিপন্থী আখ্যা দিছে। তেওঁ দাবী কৰা অনুসৰি গৰ্ভ সংস্কাৰ অভিযানৰ অচিলাৰে বিজেপিয়ে গৰ্ভস্থ শিশুক জোৰকৈ হিন্দুত্ববাদ আৰু বিজেপিৰ মতাদৰ্শ জাপি দিব বিচাৰিছে। ইতিমধ্যে গুজৰাটত আৰম্ভ কৰা হৈছে গৰ্ভ সংস্কাৰ অভিযান। প্ৰাপ্ত তথ্য অনুসৰি ২০১৫ চনতে গুজৰাটত এই অভিযান আৰম্ভ কৰা হয়।

অৱশ্যে এতিয়ালৈ গৰ্ভ সংস্কাৰ অভিযানে বিশেষ সফলতা লাভ কৰা নাই। কিন্তু তাৰ বিপৰীতে ২০২৩ চনৰ এপ্ৰিলৰ পৰা আৰ এছ এছৰ আন এটা বৃহত শাখা বিদ্যাভাৰতীৰ জৰিয়তে দেশৰ প্ৰতিখন গাঁৱলৈ গৰ্ভ সংস্কাৰ অভিযান সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা লৈছে ৰাষ্ট্ৰীয় সেৱিকা সমিতিয়ে।

উল্লেখ্য যে অসমতো বিদ্যা ভাৰতীৰ অধীনৰ শিশু শিক্ষা সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তত শংকৰদেৱ বিদ্যা নিকেতন আৰু শংকৰদেৱ শিশু নিকেতন নামৰ ৮ শতাধিক বিদ্যালয় চলাই আহিছে। চলিত বৰ্ষত এই বিদ্যালয়সমূহৰ জৰিয়তে অসমতো গৰ্ভ সংস্কাৰ অভিযান আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় সেৱিকা সমিতিয়ে পৰিকল্পনা চূড়ান্ত কৰিছে। অন্য অৰ্থত কাল্পনিক আৰু অবাস্তৱ হিন্দু ৰাষ্ট্ৰৰ ধাৰণা লৈ গৰ্ভৱতী মাতৃ আৰু শিশুৰ অধিকাৰ খৰ্ব কৰিবলৈ আৰ এছ এছৰ দৰে সংগঠন ততপৰ হোৱাটো যথেষ্ট উদ্বেগজনক হিচাপে বিবেচিত হৈছে।