ৰাছিয়াৰ গোলাবৰ্ষণত সেনা আৰু সাধাৰণ নাগৰিকসহ ১৩৭জনৰ মৃত্যু ইউক্ৰেইনত

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ঘোষণা কৰে যে পূব ইউৰোপৰ ডনবাছত সামৰিক অভিযান চলাব ৰাছিয়াৰ সেনা বাহিনীয়ে। ইউক্ৰেইনৰ সেনা বাহিনীক অস্ত্ৰ এৰি ঘৰলৈ যাবলৈ নিৰ্দেশ দিয়ে পুটিনে । লগতে ৰাষ্ট্ৰপতি পুটিনে সকীয়নি দিয়ে যে, বাহিৰৰ কোনো শক্তিয়ে যদি বাধা দিয়াৰ চেষ্টা চলাই তেন্তে তাৰ ফল ভাল নহ’ব ।
তাৰ পিছতে আৰম্ভ হয় গোলাবৰ্ষণ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আন এক ভয়ংকৰ ৰক্তক্ষয়ী যুদ্ধৰ সন্মুখীন হব লগা হৈছে বিশ্ববাসী। বৰ্তমানলৈ ৰাছিয়াৰ আক্ৰমণত মুঠ ১৩৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ৰো অধিক আহত বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীয়ে জনাইছে।
বিগত ২৪ ঘণ্টাত ইউক্ৰেইনত গোলাবৰ্ষণত কৰিছে ৰাছিয়াই। ৩৬ ঘন্টা অতিক্ৰম কৰিলে ৰাছিয়া ইউক্ৰেইনৰ মহাযুদ্ধ। বৰ্তমান লৈ হাৰ মনা নাই ইউক্ৰেইনে। ৰাজধানী কিভেৰত বাৰুদৰ গোন্ধই সকলোকে মৰ্মাহত কৰি তুলিছে, ধোঁৱাই আৱৰিছে আকাশ। চাৰিওফালে কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে ইউক্ৰেইনত।