কামাখ্যা মন্দিৰত উপস্থিত হয় মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি কোবিন্দে

নিউজ ডেস্ক,২৫ ফ্ৰেব্ৰুৱাৰীঃ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। বৰঝাৰ বিমানবন্দৰত ৰাজ্যপাল জগদীশ মূখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীক অভিবাদন জনায়। বিমানবন্দৰত বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰে আদৰণি জনোৱা হয় ৰাষ্ট্ৰপতিগৰাকীক। ইয়াৰ পিছতেই মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। মা কামাখ্যা মন্দিৰৰ পূজাত ভাগ লয় ৰাজ্যপাল জগদীশ মূখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।