Local, Vocal, Global

কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুজন সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ২৫ ফ্ৰেব্ৰুৱাৰীঃ আজি পুৱা কাশ্মীৰৰ শ্বোপিয়া জিলাৰ আমশীপোৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয়। কাশ্মীৰৰ আৰক্ষীয়ে টুইটযোগে এই কথা সদৰী কৰে।
        নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।
        উল্লেখ্য যে, শ্বোপিয়া জিলাৰ আমশীপোৰা অঞ্চলত সন্ত্ৰাসবাদীয়ে বাহৰ পাতি থকা বুলি জানিব পৰা পিছতেই নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত অভিযান চলায়। এই অভিযানৰ পিছতেই সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ দলটোলৈ গুলি বৰ্ষন কৰে। ইয়াৰ পিছতেই আৰক্ষীয়ে চলোৱা গুলীত দুজন সন্ত্ৰাসবাদী নিহত হয়।