Local, Vocal, Global

Russia Luna-25 : ৰাছিয়াৰ লুনা-২৫বিপদত; ৰাছিয়াৰ লুনা-২৫ৰ যান্ত্ৰিক বিজুতি

ইন্টাৰনেশ্যনেল ডেস্ক, ২০আগষ্ট : চন্দ্ৰত অৱতৰণৰ সময়তে ঘটিল অঘটন। ধ্বংসৰ পথত চন্দ্ৰলৈ যোৱা মহাকাশযান। ভাৰতৰ লগত প্ৰতিযোগিতা কৰি ৰাছিয়াও আগবাঢ়িছিল জোনবাইৰ দেশলৈ। চৰ্চাত আছিল চন্দ্ৰযান-৩, লুনা-২৫,কিন্তু, দিন বেয়া আছিল ৰাছিয়াৰ। কিয়নো ৰাছিয়াৰ লুনা-২৫বিপদত পৰিছে। অৱতৰণৰ সময়তে জৰুৰীকালীন অৱস্থা ৰাছিয়াৰ লুনা-২৫ৰ ।

ভাৰতে বিচাৰিছিল চন্দ্ৰযান ৩ য়ে প্ৰথমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰক । তাৰ মাজতে আহিছে এটা খবৰ, যান্ত্ৰিক বিজুতি ধৰা পৰিছে লুনা-২৫ৰ ।

শনিবাৰে সন্ধিয়াই ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰস্কোচমছে জনাই যে, লুনাত যান্ত্ৰিক বিজুতি ঘটা ধৰা পৰিছে । সোমবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছিল লুনা-২৫। কিন্তু তাৰ পূৰ্বে ঘটিল এই অঘটন(Russia Luna 25 spacecraft suffers technical glitch in pre landing maneuver) ।

মহাকাশ গৱেষণা সংস্থা ৰস্কোচমছে বিবৃতিত কয় যে,” লুনা-২৫ অৱতৰণৰ পূৰ্বে অন্তিম কক্ষপথলৈ ঠেলি দিয়াৰ সময়ত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত এই পৰিস্থিতত যানখন অৱতৰণ কৰিবলৈ প্ৰয়োজনীয় কিছু কাম কৰাটো সম্ভৱ হোৱা নাই ।”

উল্লেখ্য যে, শনিবাৰে ৰাছিয়াই মহাকাশ গৱেষণা সংস্থা ৰস্কোচমছে লুনা-২৫ য়ে তোলা প্ৰথমখন ফটো মুকলি কৰিছিল। লুনাই তোলা ছবি মুকলি কৰাৰ পিছত ভবা হৈছিল যে ৰাছিয়াই ভাৰতক শেষ মুৰ্হূৰ্তত অতিক্ৰণ কৰিছে । কিন্তু সন্ধিয়াই ৰস্কোচমছে লুনা-২৫ ৰ যান্ত্ৰিক বিজুতিৰ খবৰৰ পাছতে পৰিস্থিতি সলনি হৈ যায়(Russias Luna-25 Lander Fails To Enter Pre-Landing Orbit Of Moon) ।

ৰস্কচমছৰ বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে, এই অভিযানৰ সফলতাৰ সম্ভাৱনা ৭০শতাংশ । ৰাছিয়াৰ এই প্ৰথমটো চন্দ্ৰ অভিযানক লৈ মস্কো উত্তেজনা । কিন্তু এতিয়াই এই যান্ত্ৰিক বিজুতিৰ বাবে চন্দ্ৰত লুনা-২৫ অৱতৰণত পলম হ’ব নেকি, সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ৰস্কচমছে(Russia s Luna 25 suffers technical glitch in pre Moon landing move) ।

যদি শেষত ভাৰতৰ বিক্ৰম লেণ্ডাৰে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰে আৰু ৰাছিয়াই চন্দ্ৰত লুনা-২৫ অৱতৰণ কৰাত ব্যৰ্থ হয় তেন্তে এই ভাৰত-ৰাছিয়াৰ মহাকাশ যুদ্ধত ভাৰত জয়ৰ সুযোগ পাব আৰু ইয়াক বিজ্ঞানক অতিক্ৰমি কূটনীতিৰ ক্ষেত্ৰতো ডাঙৰ কৃতিত্ব হিচাপে গণ্য কৰা হ’ব ।

লগতে পঢ়ক :Rahul Gandhi Ladakh Visit: এইবাৰ বাইক Rider ৰ ৰূপত ৰাহুল গান্ধী, নেটিজেনে ক’লে ছুপাৰষ্টাৰ