Local, Vocal, Global

Rahul Gandhi Ladakh Visit: এইবাৰ বাইক Rider ৰ ৰূপত ৰাহুল গান্ধী, নেটিজেনে ক’লে ছুপাৰষ্টাৰ

নেশ্যনেল ডেস্ক, ১৯আগষ্ট : এক ব্যতিক্ৰমি ৰূপত দেখা গ’ল কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীক । এইবাৰ বাইক Rider ৰ ৰূপত ৰাহুল গান্ধী । KTM বাইক লৈ কংগ্ৰেছৰ সাংসদজনে পাহাৰৰ একা-বেঁকা বাটেৰে উপস্থিত হ’ল লেহত । প্ৰয়াত পিতৃ ৰাজীৱ গান্ধীৰ জন্মদিন উপলক্ষে এনেদৰে বাইক চলাই সতীৰ্থৰ সৈতে লেহত উপস্থিত হ’ল ৰাহুল গান্ধী(Rahul Gandhi Ladakh Visit) ।

কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীক বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখা যায় । ‘ভাৰত জোৰো যাত্ৰা’ত দক্ষিণ ভাৰতৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে । তাৰ পিছৰে পৰা ৰাহুল গান্ধীয়ে জনসম্পৰ্ক ৰক্ষা কৰিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । কেতিয়াবা যদি কংগ্ৰেছৰ যুৱ নেতাজনক ট্ৰাকত যাত্ৰা কৰা দেখা গৈছে, আকৌ কেতিয়াবা ডেলিভাৰী বয়ৰ বাইকৰ পিছফালে উঠি যোৱা দেখা গৈছে । একেধৰণে কোনোবা দিনা আকৌ কংগ্ৰেছৰ নেতাজনক পাচলি বিক্ৰেতাৰ ঘৰত দুপৰীয়া আহাৰ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ।শেহতীয়াভাৱে এনেদৰেই বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখা গৈছে ৰাহুল গান্ধীক । এইবাৰ KTM বাইক চলাই বহুকেইজন ৰাইডাৰৰ সৈতে লেহত উপস্থিত হ’ল সাংসদজন( Rahul Gandhi rides bike to Pangong Lake) ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লেহ ভ্ৰমণক লৈ কংগ্ৰেছৰ লেহ জিলাৰ সভাপতি শ্বেৰিং নামগিয়ালে কয় যে ,শুকুৰবাৰে লেহত উপস্থিত হৈ ৰাহুল গান্ধীয়ে জনবহুল এটা প্ৰেক্ষাগৃহত স্থানীয় শিশুসকলৰ লগত বহু সময় ধৰি বাৰ্তালাপ কৰে (Gandhi rides to Pangong Lake during Ladakh visit) ।

কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, ৰাহুলৰ এই যাত্ৰা কেৱল জনসম্পৰ্কৰ বাবেই নহয়, ইয়াৰ বিশেষ কাৰণো আছে । ৰাহুল গান্ধীয়ে ২০ আগষ্টত লেহত প্ৰয়াত পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন কৰিব ।

সাংসদ জনে সামজিক মাধ্যমত নিজৰ কেইবাখনো ছবি পোষ্ট কৰে । এই পোষ্টত তেওঁক হেলমেট পিন্ধি এখন স্পৰ্টছ বাইক চলাই থকা দেখা গৈছে ।

এই পোষ্টৰ শিৰোনামত তেখেতে লিখিছে ,”পাংগং ছ’লৈ যোৱাৰ পথত”দেউতাই কৈছিল, এইখন পৃথিৱীৰ অন্যতম এখন ধুনীয়া ঠাই” ।

খবৰ অনুসৰি, শনিবাৰে ৰাহুল গান্ধীয়ে স্থানীয় এক পৰ্যটন শিবিৰত থাকিব । তাৰ পিছত সাংসদজনে পাংগং হ্ৰদত প্ৰয়াত পিতৃ ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন কৰিব । জানিব পৰা মতে, ৰাহুল গান্ধীয়ে ২৫ আগষ্টলৈকে লাডাখত থাকিব ।

লগতে পঢ়ক :BJP leader slams Himanta Biswa Sarma : নগাঁৱত পুনৰ মুখ খুলিলে প্ৰাক্তন বিজেপি সাংসদ ৰাজেন গোঁহায়ে