Local, Vocal, Global

MLA Ramakanta Deuri : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিস্ফোৰক মন্তব্য

মৰিগাওঁ, ২০আগষ্ট : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিস্ফোৰক মন্তব্য । বিজেপিৰ ৰাজ্যিক সমিতিৰ ন-পুৰণি নেতা-কৰ্মীৰ মাজত সংঘাত চলি থকাৰ মাজতে এইবাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াই।

ৰাজেন গোঁহাই তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা,প্ৰাক্তন ৰাজ্য়িক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৰা বিস্ফোৰক মন্তব্যৰ পিছতে শেহতীয়াকৈ ৰমাকান্ত দেউৰীয়ে কৰিছে বিস্ফোৰক মন্তব্য ।এই মন্তব্যৰ পিছতে এতিয়াই একাংশৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে(MLA Ramakanta Deuri comments on BJP)।

বিধায়ক দেউৰীয়ে সংবাদ মাধ্যমৰ আগত কয়- ‘বিজেপিক ৰাইজে বেয়া পাবলৈ ধৰিছে। গভীৰ সংকটত বিজেপি । লাহে লাহে মানুহ ভাৰতীয় জনতা পাৰ্টীৰ পৰা অনিচ্ছা হৈ আহিছে। আৰু সেয় কথা যদি মই নকওঁ আৰু মই দল ভাল বুলি কওঁ তেন্তে মই আত্মগৌৰৱী হম । আৰু আত্মগৌৰৱী হৈ পৰিলে দল ধ্বংস হ’ব । দলৰ কিছু নতুন কাৰ্যকতাই বিজেপি দলটোক পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছে, আত্মগৌৰৱী হৈ পৰিছে তেওঁলোকে ভুল ভাবিছে এনেকৈ দল জীয়াই নাথাকে এইয়া এটা দলৰ ধ্বংসৰ চিন।’যিসকল কাৰ্যকৰ্তাই ভাৱে দল পৈতৃক সম্পত্তি তেওঁলোকে ভুল ভাবিছে, দল কাৰো পৈতৃক সম্পত্তি নহয় ।

”কংগ্ৰেছে জনপ্ৰিয়তা লাভ কৰিবলৈ লৈছে আৰু যদি এনেকৈ জনপ্ৰিয়তা লাভ কৰি থাকে তেন্তে ভাৰতীয় জনতা পাৰ্টীৰ ভৱিষ্যত কি হ’ব ?”ইয়াক লৈ বহু লেতা -মন্ত্ৰীৰ ক্ষোভ আছে কিন্তু সেই ক্ষোভ উজাৰিব পৰা নাই । যদি দলৰ নেতা-কৰ্মীয়ে ক্ষোভ উজাৰে তেন্তে দল বিপদত পৰিব পাৰে ।লগতে দলৰ বৰ্তমানৰ সময়ৰ কথা চিন্তা কৰি বিধায়কজনে কয় ‘তেওঁলোকে দলৰ হৈ আত্মসমালোচনা কৰক আৰু সমাধান কৰক।’

আনহাতে বিজেপি দলৰ দুই প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহাই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ক্ষোভক সমৰ্থন কৰিছে বিধায়ক ৰমাকান্ত দেউৰীয়ে।

সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোঁহাইৰ সম্পৰ্কে বিধায়ক ৰমাকান্ত দেউৰীয়ে কয়, ”তেওঁলোক বহু পুৰণা কাৰ্যকতা। বহু ত্যাগ আৰু কষ্ট কৰি দলটোক শক্তিশালী কৰিছে । তেওঁলোকে সন্মান নাপালে দুখ লাগিবই। তেওঁলোকে ধৈৰ্য ধৰিছে। দলটো উচ্ছৃংখল, বিশৃংখল হৈছে আৰু তেতিয়াহে দুই প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে মাত দিছে। নহ’লে দল থানবান হ’ব।”

ইফালে বিধায়কজনে কয় য়ে, তেওঁকো প্ৰতাৰণা কৰিছে । ‘মই ৰাজেন গোঁহাইৰ সৈতে ১৯৯১ চনতে বিজেপি কৰিছোঁ।তাৰ পিছত কংগ্ৰেছ কৰিছোঁ যদিও আকৌ বিজেপিলৈ আহিছোঁ ।এতিয়াই দলক লৈ সকলো ক্ষোভিত।’

এই বিস্ফোৰত মন্তব্য কৰি বিধায়ক জনে কয় যে – ‘মই দলৰ প্ৰতি ক্ষোভ উজাৰিব বিচৰা নাই। মোৰ বাবে দলটোৰ বিপদ আহক বিচৰা নাই । আৰু সেয় বাবে মই ধৈৰ্য ধৰি আছো।

বিধায়ক ৰমাকান্ত দেউৰীৰ এনে বিস্ফোৰক মন্তব্য পাছত দলৰ শীৰ্ষ নেতৃত্বই কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া হ’ব লক্ষণীয়।

লগতে পঢ়ক: Invest in Assam: ৰাজ্যত প্ৰকল্প স্থাপনৰ আহ্বানেৰে বিনিয়োগকাৰীলৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ