Local, Vocal, Global

Rajen Gohain visit to Delhi : সোমবাৰে দিল্লীত অনুষ্ঠিত হ’ব ৰাজেন গোহাঁই আৰু অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক, ২০ আগষ্ট : পট পৰিৱৰ্তন হ’ব নেকি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ? কেন্দ্ৰৰ এটা ফোন কলক কেন্দ্ৰ কৰি মৃদু জোকাৰণি সৃষ্টি হৈছে ৰাজ্যিক বিজেপিৰ ভিতৰ চ’ৰাত ।

সোমবাৰে দিল্লীত অনুষ্ঠিত হ’ব ৰাজেন গোহাঁই আৰু অমিত শ্বাহৰ মাজত এখন বৈঠক (Rajen Gohain visit to Delhi)। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে ফোনযোগে সাক্ষাতৰ সময় বিচাৰি বাৰ্তালাপ জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ (Rajen Gohain seasoned BJP leader) ।

দিল্লীলৈ তলব কৰা হৈছে ৰাজেন গোঁহাইক । দেওবাৰে নগাঁৱৰ পৰা দিল্লীলৈ ৰাওনা হ’ব ৰাজেন গোঁহাই । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সোমবাৰে দিল্লীত সাক্ষাৎ কৰিব ৰাজেন গোঁহাইয়ে (Home Minister Amit Shah) । বিজেপিৰ ন-পুৰণি কৰ্মীৰ সংঘাত নিৰ্মূলৰ বাবে দিল্লীত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠকখন ।

উল্লেখ্য শুকুৰবাৰে প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইয়ে কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি ত্যাগ কৰিছিল কেবিনেট মৰ্যাদা । দিশপুৰৰ সচিবালয়লৈ গৈ পদত্যাগ পত্র দাখিল কৰিছিল গোহাঁইয়ে । নগাঁৱৰ পূৰ্বৰ সাংসদ আছিল ৰাজেন গোহাঁই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সচিব প্ৰশান্ত কাঠকটীয়াক পদত্যাগ পত্ৰ অৰ্পণ কৰি উক্ত দায়িত্বৰ পৰা অব্যাহতি লয় দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

বিজেপিৰ এইগৰাকী জ্যেষ্ঠ নেতাৰ পদত্যাগৰ পাছতেই তোল-পাৰ লাগিছিল সমগ্ৰ ৰাজনৈতিক মহলত । ইয়াৰ পাছতেই আজি অৰ্থাৎ দেওবাৰে ৰাজেন গোঁহাইক তলব কৰা হৈছে দিল্লীলৈ ।

ইফালে বিজেপিৰ ৰাজ্যিক সমিতিৰ ন-পুৰণি নেতা-কৰ্মীৰ মাজত সংঘাত চলি থকাৰ মাজতে বিধায়ক ৰমাকান্ত দেউৰীয়েও আগবঢ়ালে বহুকেইটা বিস্ফোৰক মন্তব্য । প্ৰাক্তন বিধায়ক অশোক শৰ্মা, প্ৰাক্তন ৰাজ্য়িক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজিন গোঁহাইৰ অসন্তুষ্টি আৰু বিভিন্ন বিস্ফোৰক মন্তব্যৰ পিছতে শেহতীয়াকৈ ৰমাকান্ত দেউৰীয়ে কৰা মন্তব্যক লৈয়ো আৰম্ভ হৈছে চৰ্চা ।

বিধায়ক দেউৰীয়ে উল্লেখ কৰা অনুসৰি, ‘বিজেপিক ৰাইজে বেয়া পাবলৈ ধৰিছে । গভীৰ সংকটত আছে বিজেপি । লাহে লাহে মানুহ ভাৰতীয় জনতা পাৰ্টীৰ পৰা অনিচ্ছা হৈ আহিছে । আৰু সেই কথা যদি মই নকওঁ আৰু মই দল ভাল বুলি কওঁ তেন্তে মই আত্মগৌৰৱী হম । আৰু আত্মগৌৰৱী হৈ পৰিলে দল ধ্বংস হ’ব । দলৰ কিছু নতুন কাৰ্যকতাই বিজেপি দলটোক পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছে, আত্মগৌৰৱী হৈ পৰিছে । তেওঁলোকে ভুল ভাবিছে এনেকৈ দল জীয়াই নাথাকে, এইয়া এটা দলৰ ধ্বংসৰ চিন ।’

লগতে তেওঁ কয় ‘মই ৰাজেন গোঁহাইৰ সৈতে ১৯৯১ চনতে বিজেপি কৰিছোঁ । তাৰ পিছত কংগ্ৰেছ কৰিছোঁ যদিও আকৌ বিজেপিলৈ আহিছোঁ । এতিয়াই দলক লৈ সকলো ক্ষোভিত । মই দলৰ প্ৰতি ক্ষোভ উজাৰিব বিচৰা নাই । মোৰ বাবে দলটোৰ বিপদ আহক বিচৰা নাই ।’ এই বিস্ফোৰক মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । এই মন্তব্যৰ পিছতে এতিয়া একাংশৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

উল্লেখ্যযোগ্য যে ইন্দ্ৰাণী তদবিলদাৰৰ আত্মহননৰ পাছতেই ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । বিজেপি নেত্ৰী ইন্দ্ৰাণী তদবিলদাৰৰ আত্মহনন পাছতেই আৰম্ভ হৈছিল ৰাজ্যিক বিজেপিত সংঘাত । এই আত্মহত্যাৰ ঘটনাৰ লগত আওপকীয়াকৈ নাম সাঙোৰ খাইছিল প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । সেইয়াই আছিল আৰম্ভণি । ইয়াৰ পিছতেই সিদ্ধাৰ্থ ভট্টাচাৰ্য ন বিজেপিৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰাৰ পাছতেই দলটোৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়াই প্ৰাক্তন সাংসদ গৰাকীয়ে । লগতে তেখেতে কাৰ্যনিৰ্বাহ কৰি থকা চৰকাৰী বিষয় বাবৰ পৰা পদত্যাগ কৰি ত্যাগ কৰিছিল কেবিনট মৰ্যাদা ।

লগতে পঢ়ক : MLA Ramakanta Deuri : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিস্ফোৰক মন্তব্য