বিগ বছ ১৪ ৰ বিজেতা হ’ল টেলিভিছন অভিনেত্ৰী ৰুবিনা দিলাইক

২১ তাৰিখ ৰবিবাৰে ছালমান খানে হোষ্ট কৰি থকা অনুষ্ঠান বিগ বছ ১৪ ৰ গ্ৰেণ্ড ফিনালেত বিজয়ীৰ খিতাপ পাই ৰুবিনা দিলাইকে । প্ৰতি বছৰৰ দৰে এইবাৰো বিগ বছ অতি ধুম ধামেৰেই আৰম্ভ হৈছিল । পিছে বিগ বছ অনুৰাগী সকলৰ বাবে এইটো বছৰৰ বিগ বছ আছিল আগতকৈ অধিক ৰোমাঞ্চকৰ । । কাৰণ বিগ বছ ১৪ আৰম্ভ হোৱাৰ সময়ত গোটেই দেশবাসী কৰোনাভাইৰাছৰ বাবে লকডাউনৰ অধীনত আছিল আৰু মনোৰঞ্জনৰ মাধ্যমবোৰ অকল ম’বাইল ফোন আৰু টিভিৰ মাজতে সীমাবদ্ধ আছিল।
সেই সময়তে বিগ বছ ৰ দৰে হিট শ্ব’ য়ে সকলোকে আমোদ দিছিল । সি যি কি নহওঁক ৰুবিনা দিলাইকে গায়ক ৰাহুল বেদেয়াৰৰ হেৰুৱাই প্ৰথম ৰাণাৰ আপৰ খিতাপ জয় কৰিবলে সক্ষম হয় । ৩৬ লাখ টকাৰ নগদ পুৰস্কাৰৰ সৈতে এটা ট্ৰফী প্ৰদান কৰা হয় ৰুবিনাক । ট্ৰফী জিকাৰ পিছত, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিজয়ী মুহুৰ্ত, অভিনৱ শুক্লাৰ সৈতে বিবাহিত জীৱন আৰু ৰাহুল ব্যৈধৰ সৈতে যুঁজৰ বিষয়ে মুকলি কৰে ।