Local, Vocal, Global

অনলাইনত অৰ্ডাৰ দিছিল খাদ্য,আহিল প্ৰসাৱ ভৰ্ত্তি বটল

আমেৰিকাৰ অলিভাৰ মেকমাংছ নামৰ এজন ব্যক্তিয়ে অনলাইন যোগে দেওবাৰে ৰাতিপুৱা হেল্লোফ্ৰেছৰ পৰা খাদ্য অৰ্ডাৰ কৰে । তেওঁ খাদ্যৰ লগত এটা সন্দেহজনক হালধীয়া ৰঙৰ ঠাণ্ডা পানীয়ৰ বটল লাভ কৰে । পানীয় বিধৰ গোন্ধত মেকমাংছে সেয়া প্ৰসাৱ হৈ বুলি সন্দেহ কৰে । তেওঁ হেল্লোফ্ৰেছক লগে লগে টুইট কৰি কোম্পানীটোৰ এটা ঠিকনা দিবলে কয় যাতে তেওঁ বটলটো প্ৰেৰণ কৰিব পাৰে আৰু তেওঁলোকে ইয়াৰ গোন্ধ লৈ কথাৰ সত্যতা পৰীক্ষা কৰিব পাৰে। হেলোফ্ৰেছৰ এজন ছচিয়েল মিডিয়া প্ৰতিনিধিয়ে তেওঁৰ টুইটৰ উত্তৰত কোম্পেনীটোৰ ভুল স্বীকাৰ কৰে আৰু এনে ভুলৰ বাবে ক্ষমা বিচাৰে । তেওঁ লগতে আশ্বাস দিয়ে যে ঘটনাৰ বিষয়ে কোম্পানীটোয়ে উচিত তদন্ত কৰিব ।
মেকমাংছে কয় যে তেওঁ প্ৰাপ্ত কৰা আহাৰ কিটৰ সৈতে বটলটো একমাত্ৰ সমস্যা নহয়। এনে ঘটনাৰ পাছত কোম্পানীটোৰ খাদ্য সুৰক্ষাৰ ওপৰতো তেওঁ সংকীট