Local, Vocal, Global

সৰুপথাৰৰ কংগ্ৰেছ বিধায়িকা ৰ’জলিনাই পিন্ধিলে বিজেপিৰ গামোছা

দীৰ্ঘদিনৰ চৰ্চাৰ অন্তত এইবাৰ কংগ্ৰেছত আন এক খহনীয়াৰ ইংগিত। বিগত কিছুদিনৰ পৰা ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলিছিল যে গোলাঘাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগে যোগ দিব পাৰে ভাৰতীয় জনতা পাৰ্টীত। অজন্তা নেওগৰ সৈতে একেলগে বিজেপিমুখী বুলি নাম উচ্চাৰিত হৈছিল সৰুপথাৰৰ কংগ্ৰেছ বিধায়িকা ৰ’জলিনা তিৰ্কীৰ। অজন্তা নেওগে এই সন্দৰ্ভত ৰহস্যজনক স্থিতি লোৱাৰ সময়তে এইবাৰ ভাইৰেল হৈছে কেইখনমান বিশেষ ফটো। সৰুপথাৰ সমষ্টিৰ বিজেপিৰ এটা কাৰ্যালয়ত সৰুপথাৰৰ কংগ্ৰেছ বিধায়িকা ৰ’জলিনা তিৰ্কী। মন্ত্ৰী ভৱেশ কলিতাৰ সৈতে বিজেপিৰ কাৰ্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰ’জলিনা তিৰ্কীয়ে। সেইসময়ত বিজেপিৰ কৰ্মকৰ্তাসকলে গামোছাও পিন্ধায় কংগ্ৰেছ বিধায়িকা ৰ’জলিনা ক। বিজেপিৰ মন্ত্ৰীৰ সৈতে বিজেপিৰ কাৰ্যালয়ত ৰ’জলিনা উপস্থিত থকাৰ সময়ত একাংশই জিন্দাবাদ ধ্বনি দিছিল বুলিও এটা সূত্ৰত প্ৰকাশ। যিসময়ত ৰ’জলিনা তিৰ্কীয়ে কংগ্ৰেছ এৰি গেৰুৱা বসন পিন্ধিব বুলি সৰুপথাৰ সমষ্টি তথা গোলাঘাট জিলাবাসী ৰাইজৰ মাজত ব্যাপক চৰ্চা চলি আহিছিল সেইসময়ত ৰ’জলিনা তিৰ্কীৰ এই কাণ্ডই নিশ্চিত কৰিছে সেই সন্দেহ। ভাইৰেল হৈ পৰা ফটোকেইখনক লৈ ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে নতুন ৰহস্যৰ।