Local, Vocal, Global

পেটৰ বিষত ভুগি অকাল মৃত্যু মহিলা ACS বিষয়াৰ

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ হিচাপে কৰ্মৰত মহিলা এচিএছ বিষয়াৰ অকাল মৃত্যু। আহংবাম বেমথই ছানু নামৰ বিষয়াগৰাকীয়ে বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ সাৱটি ল’লে দুৰ্ভাগ্যজনক মৃত্যুক। দুদিন পূৰ্বে হঠাতে অসহনীয় পেটৰ বিষত ভুগি গুৰুতৰভাৱে অসুস্থ হৈ পৰা বিষয়াগৰাকীক তাৎক্ষণিকভাৱে নাগালেণ্ডৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকসকলে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ তেওঁক লৈ যোৱাৰ পৰামৰ্শ দিয়াত এয়াৰ এম্বুলেঞ্চৰ বন্দোবস্তি কৰা হয়। কিন্তু সেয়া হৈ নুঠিল। এয়াৰ এম্বুলেঞ্চেৰে চেন্নাইলৈ নিয়াৰ পূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰে ছানুৱে। ২০১৫ চনত অসম প্ৰশাসিনক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছানুৱে দখল কৰিছিল ৫৯ সংখ্যক স্থান। কৰ্মক্ষেত্ৰত অতি সুদক্ষ আৰু সৎ বিষয়া হিচাপে সুনাম অৰ্জন কৰিছিল ছানুৱে। বোকাজানত কৰ্মৰত অৱস্থাত নিজৰ দক্ষতা আৰু সততাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে অকাল মৃত্যুক সাৱটি লোৱা মহিলা এচিএছ বিষয়াগৰাকীয়ে। আৰটিআই কৰ্মী হিচাপে জনাজাত ওক্ৰাম প্ৰশান্ত সিঙৰ পত্নী আছিল প্ৰয়াত ছানু।