Local, Vocal, Global

নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰৰ হাতত আছে বলীউড তাৰকাৰ ৮৫টা গেজেট

বলীউড তাৰকা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৰূপালী পৰ্দাৰ বহু তাৰকা। শ্বাৰা-দীপিকা, শ্ৰদ্ধা, ৰাকুলকে ধৰি ওলাইছিল শ্বাহৰুখ, ছলমানৰো নাম। ৰিয়া চক্ৰৱৰ্তী বিশেষভাৱে জড়িত আছিল ড্ৰাগছ পেডলাৰৰ সৈতে। ৰিয়াই যোগান ধৰিছিল সুশান্তক ড্ৰাগছ। বৰ্তমানো সমগ্ৰ ঘটনাৰ তদন্ত শেষ হোৱা নাই। শেহতীয়াকৈ এনচিবিয়ে আটক কৰিছে বলীউড তাৰকাসকলৰ প্ৰায় ৮৫টা গেজেট। এই গেজেটসমূহৰ জৰিয়তে এনচিবিয়ে পুনৰ জাল চপাব। কোনে কোনে ড্ৰাগছ সেৱন কৰে, কোনে কাক ড্ৰাগছ যোগান ধৰে, তদন্তৰ আওতালৈ অনা হ’ব সকলোকে। ইতিমধ্যে এনচিবিয়ে অনুসন্ধান আৰম্ভ কৰিছে। অতিশীঘ্ৰে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।