Local, Vocal, Global

Road Accident in Sipajhar : মটৰ চাইকেল-ইৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৫জন

ছিপাঝাৰ,১৮জানুৱাৰী : ছিপাঝাৰৰ পাথৰিঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা।

শনিবাৰে পাথৰিঘাটত মটৰ চাইকেল-ইৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ । ফলত গুৰুতৰভাৱে আহত পাঁচজনকৈ লোক । আহত লোককেইজনৰ এজনৰ অৱস্থা সংকটজনক।

জানিব পৰা মতে, AS 13 L 3983 নম্বৰৰ মটৰ চাইকেল খনে প্ৰচণ্ড বেগেৰে আহি খুন্দা মাৰে ই-ৰিক্সা খনত। মটৰ চাইকেলখনত আহিছিল তিনিগৰাকী আৰোহী।ই-ৰিক্সাখনত আছিল দুগৰাকী  ব্যক্তি(Road Accident in Sipajhar)। 

আহত আটাইকেইগৰাকী ব্যক্তিক স্থানীয় লোকৰ তৎপৰতাত চিকিৎসালয়লৈ নিয়া হয়।

লগতে পঢ়ক :Jamugurihat News : অৰুনাচলৰ চিজোচাত পাকে পাগা উৎসৱ উদযাপন