Jamugurihat News : অৰুনাচলৰ চিজোচাত পাকে পাগা উৎসৱ উদযাপন

জামুগুৰিহাট,১৮জানুৱাৰী : ধনেশ পক্ষী সুৰক্ষিত কৰাৰ হেতু ধনেশ পক্ষীৰ বিচৰণস্থলী হিচাপে খ্যাত অৰুণাচল প্ৰদেশৰ পাকে কেচাং জিলাৰ চিজুছাত প্ৰতি বছৰে জনগোষ্ঠীয় লোকসকলক সজাগ কৰাৰ উদ্দেশ্যে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰাজ্য চৰকাৰ খনৰ দ্বাৰা উদযাপন কৰা হৈছে ‘পাকে পাগা উৎসৱ’।সেই অনুসৰিয়ে চলিত বৰ্ষৰ আৰম্ভণিত আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে পাকে পাগা উৎসৱ।
বিগত ২০১৫ বৰ্ষত প্ৰথম বাৰৰ বাবে উদযাপন আৰম্ভ হোৱা উৎসৱ ভাগে এই বেলি ১০ বছৰত ভৰি দিয়ে। ধনেশ পক্ষীক সুৰক্ষিত কৰাৰ লগতে পাকে অভয়াৰণ্যত বসবাস কৰা অনান্য জীৱ জন্তু, বিভিন্ন পক্ষী আৰু পখিলা আদিক সুৰক্ষিত কৰাটোৱেই হৈছে এই উৎসৱৰ প্ৰধান লক্ষ্য(Jamugurihat News)।
এই উৎসব ভাগে ইয়াৰ জনগোষ্ঠীয় লোক সকলক বাৰুকৈয়ে সজাগ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। পূৰ্বৰ তুলনাত বৰ্তমান জীৱ জন্তুৰ চোৰাং চিকাৰ বন্ধ হোৱাৰ লগতে বহু চোৰাং চিকাৰীয়ে আত্মসমর্পণ কৰি অবৈধ এয়াৰ গান আদিকে ধৰি মৰনাস্ত্ৰ ও প্ৰশাসনক জমা দিছে বুলি জানিব পৰা গৈছে।
পাকে পাগা উৎসৱ-২০২৫ ৰ আৰম্ভণি অনুষ্ঠানটিৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি PCCF এন,টামে (N. Tam ) কয় যে আমাৰ ৰাজ্য খন প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ । প্ৰাকৃতিৰ সৃষ্ট আমাৰ এই বনাঞ্চলত বসবাস কৰা জীব জন্তু, পশু, পক্ষী আদিক সুৰক্ষা কৰাটো আমাৰ পৰম দায়িত্ব আৰু কৰ্তব্য। বিগত দিনবোৰত ৰাজ্য চৰকাৰেও মূল্যবান সম্পদবোৰৰ লগতে জৈৱ বৈচিত্র সংৰক্ষণৰ বাবে গুৰুত্ব আৰোপ কৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে।
যাৰ ফলত আমাৰ অৰুনাচল ৰাজ্য খনৰ বনাঞ্চল সমুহত পূৰ্বতকৈ জীৱ জন্তুৰ সংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। পকে পাগা উৎসৱৰ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে পিজিৰাংৰ ZPM টানা নয়া, পাকে কেচাং জিলাৰ আৰক্ষী অধীক্ষক টাচি ডামাং, চিজুছাৰ অতিৰিক্ত উপায়ুক্ত কেচাং ওৱাংডু আৰু ৰাজ্য খনৰ স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ মন্ত্রী বিওৰাম ওৱাগেৰ পত্নী য়াপু লিশি ওৱাগেকে ধৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তিয়ে৷
লগতে পঢ়ক :Gas Cylinder Explosion In Dergaon: ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ ;আহত দুজন