Local, Vocal, Global

Terrible road accident: ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত দুজন

নিউজ ডেস্ক, ১৬আগষ্ট : ভয়ংকৰ পথ দুৰ্ঘটনা । চিলাপথাৰত মঙলবাৰে সন্ধিয়াই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ।

মঙলবাৰে চিলাপথাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷বিলাসী বাহন আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ।জানিব পৰা মতে, তীব্ৰবেগী চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনাটো হয়(Terrible road accident) ৷

এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত দুজনকৈ যুৱক থিতাতে নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক ৷ নিহত দুই যুৱক দুজন চন্দ্ৰ ৰায়ৰ পুত্ৰ আকাশ ৰায় আৰু কৰণ বিশ্বকৰ্মা বুলি চিনাক্ত কৰা হৈছে ৷ নিহত আকাশ ৰায়ৰ ঘৰ ডিমৌ চাৰিআলি বুলি জানিব পৰা গৈছে লগতে নিহত কৰণ বিশ্বকৰ্মাৰ ঘৰ ডিমৌ গোলাইত বুলি স্থানীয় লোকে জানিবলৈ দিয়ে (Road accident in silapathar) ৷

উল্লেখ্য যে, এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । স্থানীয় লোকৰ তৎপৰতাত আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আন কেইবাজনক সংকটজনক অৱস্থাত ডিব্ৰুগড় হাস্পতালৈ প্ৰেৰণ কৰে ৷

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 06 R 8179 আৰু স্কুটিখনৰ নম্বৰ AS 06 W 4873 বুলি জানিব পৰা গৈছে ৷

স্থানীয় লোকৰ পৰা পোৱা তথ্য অনুসৰি, তিনি যুৱকে স্কুটি লৈ চিনেমা চাই ঘৰলৈ ওভতাৰ পথত বিপৰীত দিশৰ পৰা অহা এখন চাৰিচকীয়া বাহনত খুন্দা মাৰে ৷ ফলত দুই স্কুটি আৰোহী আকাশ ৰায় আৰু কৰণ বিশ্বকৰ্মা নিহত হয় ৷ গুৰুতৰভাৱে আহত হয় স্কুটিত অহা আন এজন এজন যুৱক ৷ আৰু তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

আনহাতে, এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় চিলাপথাৰ আৰক্ষী ৷

লগতে :Rangia Suspected Murder case : তিনিদিন ধৰি পত্নী-কন্যাৰ মৃতদেহৰ সৈতে আছিল স্বামী