Local, Vocal, Global

Demow Encounter: ডিমৌত আৰক্ষীৰ গুলীচালনা ; আৰক্ষীৰ গুলীত আহত আলফাৰ লিংক মেন

নিউজ ডেস্ক, ১৬ আগষ্ট : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ ডিমৌত সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ আলফাৰ লিংকমেনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত আলফাৰ লিংক মেন জন।আহত লিংকমেন জনৰ নাম ৰাজু আহমেদ বুলি জানিব পৰা গৈছে (Demow Encounte)।

জানিব পৰা মতে, আলফাৰ লিংক মেনৰ সন্দেহত দুদিন পূৰ্বে আটক কৰা হৈছিল ৰাজু আহমেদ। ৰাজু আহমেদক লক্ষ্য কৰি ডিমৌ আৰক্ষীয়ে গুলীচালনা কৰে ৷ ডিমৌৰ ভেকেলাইৰ এটা নিৰ্জন পথত আলফাৰ লিংক মেনলৈ গুলীচালনা কৰে আৰক্ষীয়ে (Suspected ULFA linkman injured in police firing) ।

কিন্তু ঘটনা সন্দৰ্ভত এই পৰ্যন্ত আৰক্ষীয়ে মুখ খোলা নাই ।ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজু আহমেদৰ স্বাস্থ্য বৰ্তমান অৱস্থা কেনেকুৱা আৰু আলফাৰ লিংকমেন জন ক’ত ৰখা হৈছে সকলো তথ্য গোপনে ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত আলফাৰ লিংক মেন ৰাজু আহমেদ বৰ্তমান নিহত হৈছে নেকি ? নে অন্য কিবা ৰহস্য আছে সেয়াও বৰ্তমান ৰহস্যৰ আৱৰ্তনৰ (Suspected ULFA linkman injured in police firing at Demow) ।

বিগত কেইবাদিন ধৰি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আলফা স্বাধীনৰ লিংক মেনৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু অভিযানত আটক কৰিছিল কেইবাজনো সন্দেহযুক্ত আলফা স্বাধীনৰ লিংক মেনক ৷

লগতে পঢ়ক :Terrible road accident: ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত দুজন